Daily Time Axom

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত (এন ডি এ) মহিলাৰ আসনৰ সংখ্যা বৃদ্ধি

0 7

দেশৰ প্ৰতিৰক্ষাৰ সৈতে জড়িত হোৱাৰ ইচ্ছা থকা নাৰীসকলৰ বাবে এটা সুখবৰ আছে ৷ শেহতীয়াকৈ
কেন্দ্ৰীয় চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীয়ে (এন ডি এ) মহিলাসকলৰ আসনৰ সংখ্যা বৃদ্ধি কৰি দুৱাৰ মুকলি কৰিছে। সেনা, বায়ু সেনা আৰু নৌসেনাৰ বিষয়া হ’বলৈ কেডেটসকলক প্ৰশিক্ষণ দিয়াৰ বাবেও আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে সোমবাৰে সংসদত উত্থাপন কৰিছে এই কথা । 

মহিলাসকলৰ বাবে এন ডি এ প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ মতে, এই সিদ্ধান্তৰ পিছত প্ৰতি তিনিজন আবেদনকাৰীৰ মাজত এগৰাকী মহিলা থাকিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয়, “প্ৰাপ্ত আবেদনৰ মুঠ সংখ্যা হৈছে ৫,৭৫,৮৫৬।  তেওঁলোকৰ ভিতৰত ১,৭৭,৬৫৪ গৰাকী মহিলা। তদুপৰি মহিলা প্ৰাৰ্থীসকলৰ প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সুবিধা সমূহ ৰক্ষণাবেক্ষণ কৰা হৈছে।“

Leave A Reply

Your email address will not be published.