হেলিকপ্তাৰ দুৰ্ঘটনাত আহত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ চিকিৎসালয়ত মৃত্যু
৮ ডিচেম্বৰত প্ৰতিৰক্ষা বিভাগৰ সৰ্বাধিনায়ক জেনেৰেল বিপিন ৰাৱট আৰু আন ১২ জন লোকৰ মৃত্যু হোৱা শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছিল বৰুণ সিঙৰ ৷ পিছত উদ্ধাৰ হৈছিল ৭০ শতাংশ অগ্নিদগ্ধ হোৱা গ্ৰুপ কেপ্তেইন বৰুণ সিং ৷ কিন্তু দেশবাসীক হতাশ কৰি গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ আজি মৃত্যু হয়।
তামিলনাডুৰ কুনুৰৰ ৱেলিংটনৰ পৰা স্থানান্তৰিত হোৱাৰ পিছত গ্ৰুপ কেপ্টেইন সিঙক বেংগালুৰুৰ এখন সামৰিক চিকিৎসালয়ত গুৰুতৰভাৱে অগ্নিদগ্ধ হো্াৰ বাবে চিকিৎসা কৰা হৈছিল।
যোৱা সপ্তাহত দুৰ্ঘটনাটোৰ পিছত শৌৰ্য চক্ৰ বঁটা বিজয়ী বিষয়াজনৰ বাবে প্ৰাৰ্থনা কৰিছিল দেশবাসীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।