Daily Time Axom

আজি বিজয় দিৱস ৷ কিয় পালন কৰা হয় বিজয় দিৱস ?

0 16

যোৱা ৫০ বছৰ ধৰি ভাৰতে আজিৰ দিনটোত পালন কৰি আহিছে বিজয় দিৱস ৷ আজিও ৰাষ্ট্ৰ জুৰি পালন কৰা হৈছে বিজয় দিৱস ৷

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত পাকিস্তানৰ পৰা বাংলাদেশৰ স্বাধীনতাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ বিজয় উদযাপন কৰিবলৈ ভাৰতত প্ৰতি ১৬ ডিচেম্বৰত বিজয় দিৱস পালন কৰা হয়। যুদ্ধৰ সমাপ্তিৰ ফলস্বৰূপে পাকিস্তান সেনাৰ একপক্ষীয় আৰু চৰ্তহীন আত্মসমৰ্পণৰ ফলত বাংলাদেশ গঠন হয় ৷

১৯৭১ চনৰ আজিৰ দিনটোতে পৰাজিত পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আমিৰ আব্দুল্লা খান নিয়াজীয়ে ঢাকাৰ ৰামনা ৰেচকোৰ্চত ৯৩,০০০ সৈন্যৰ সৈতে জেনেৰেল জগজিৎ সিং অৰোৰাৰ নেতৃত্বত ভাৰতীয় সেনা আৰু বাংলাদেশ লিবাৰেচন আৰ্মীৰ ওচৰত আত্মসমৰ্পণ কৰে।
১৬ ডিচেম্বৰত তেতিয়াৰ পৰা ভাৰতত “বিজয় দিৱস” হিচাপে পালন কৰা হয়। আজিৰ দিনটোতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু সেনাৰ তিনিটা শাখাৰ মুৰব্বীয়ে ৰাজধানী নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতিত মাল্য অৰ্পণ কৰে।

Leave A Reply

Your email address will not be published.