Daily Time Axom

যোৰহাটত কুকুৰ চোৰৰ উপদ্ৰৱ ৷ ২৪ টা চুৰি কুকুৰ উদ্ধাৰ ৷

0 5

সোণ ৰূপ নহয় ৷ যোৰহাটত কুকুৰ চোৰৰ উপদ্ৰৱ ৷
অসম আৰক্ষীয়ে অলপতে যোৰহাট জিলাৰ পুলিবৰত অবৈধ পশু সৰবৰাহকাৰীৰ হাতৰ পৰা ২৪ টা চুৰি কুকুৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কমেও তিনিজন লোকক আটক কৰিছে।আৰক্ষীয়ে এক গোপন সূত্ৰৰ জৰিয়তে অঞ্চলটোত এটা তালাচী অভিযান আৰম্ভ কৰিছিল যাৰ ফলত ডুকু দলে নামৰ এজনৰ বাসগৃহৰ পৰা ২৪ টা কুকুৰ উদ্ধাৰ কৰা হৈছিল।

দলেক পুলিবৰ আৰক্ষীয়ে জেৰাৰ পিছত সন্দেহ কৰিছে যে কুকুৰবোৰ চুৰি কৰা হৈছে আৰু আগন্তুক দিনত আন এজন ব্যক্তিক যোগান ধৰিবলৈ ৰাস্তাৰ পৰা উঠাই অনা হৈছে। বৰ্তমান, পুলিবৰ আৰক্ষী থানাই কুকুৰবোৰক আশ্ৰয় প্ৰদান কৰিছে আৰু এটা স্থানীয় বেচৰকাৰী সংগঠনে তেওঁলোকৰ যত্ন লোৱাৰ পদক্ষেপ হাতত লৈছে।

সন্দেহ কৰা হৈছে যে কুকুৰবোৰ নাগালেণ্ডলৈ যোগান ধৰিবৰ বাবেই লৈ যোৱা হৈছিল ৷ বহু নগা লোকৰ কুকুৰ প্ৰিয় খাদ্য হোৱা হেতুকে বৰদিন আৰু নৱবৰ্ষ উপলক্ষে তাত কুকুৰৰ মাংসৰ চাহিদা বৃদ্ধি পায় ৷ সেয়ে মাজে মাজে এইদৰে চোৰাঙকৈ কুকুৰ যোগান ধৰা হৈ আহিছে নাগালেণ্ডলৈ ৷

Leave A Reply

Your email address will not be published.