Daily Time Axom

অসম-নাগালেণ্ড সীমান্তত উচ্ছেদ অভিযান

0 6

অসম-নাগালেণ্ড সীমান্ত কাৰ্বি আংলঙৰ বোকাজানত উচ্ছেদ অভিযানৰ প্ৰস্তুতি প্ৰশাসনৰ। সীমান্তৰ লাহৰীজানত চলাইছে এই অভিযান। প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত কাৰ্বি আংলং জিলাৰ স্বায়ত্ত শাসিত পৰিষদে চলাব এই উচ্ছেদ অভিযান। উল্লেখ্য যে, উক্ত অভিযানৰ সময়ত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে সহযোগ আগবঢ়াব। এই ঠাইত অবৈধভাৱে ভূমি দখল কৰি ১৮১ টা পৰিয়ালে বসতি স্থাপন কৰি আছে।
সেয়েহে তাত থকা ১০০ ঘৰ লোকৰ বিৰুদ্ধে চলিব এই অভিযান। অৱশ্যে জনা মতে বহুতেই উচ্ছেদ চলোৱাৰ পূৰ্বেই ঘৰৰ সা সামগ্ৰী লৈ এই স্থান ত্যাগ কৰিছে।

Leave A Reply

Your email address will not be published.