Daily Time Axom

দিল্লী দখলৰ সপোন লৈ আজি অসমত মমতা বেনাৰ্জী

0 11

ৰাষ্ট্ৰৰ ৰাজনীতিত ক্ৰমে অধিক শক্তিশালী হৈ অহা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি অসম ভ্ৰমণলৈ আহিছে । তেওঁ প্ৰথমে কামাখ্যা মন্দিৰ দৰ্শন কৰে তাৰ পিছত তেওঁ দলীয় বৈঠকত মিলিত হয় ।

পৰৱৰ্তী লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি মমতা বেনাৰ্জীয়ে অসমত তৃণমূল কংগ্ৰেছৰ ভেঁটি সুদৃঢ় কৰিবলৈকে আৰু ৰাজনৈতিক হিচাপ-নিকাচেৰে এই ভ্ৰমণ কৰিছে ৷ ৰাজ্যৰ দলীয় কৰ্মীৰে বৈঠকত মিলিত হ’ব বংগৰ মুখ্যমন্ত্ৰী গৰাকী ।

উল্লেখ্য যে, নৰেন্দ্ৰ মোডীৰ বিকল্প হিচাপে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰতিষ্ঠা কৰিবলৈ তৃণমূল কংগ্ৰেছ এইবাৰ উঠিপৰি লাগিছে। ইতিমধ্যে পশ্চিম বংগত বিজেপিয়ে হাৰ মানিছে মমতা বেনাৰ্জীৰ ওচৰত। পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনতে ইয়াৰ প্ৰমাণ পোৱা গৈছে। কংগ্ৰেছ দলটো দুৰ্বল হৈ পৰাৰ পাছতে মমতা বেনাৰ্জীয়ে নিজকে আৰু তেঁওৰ সমৰ্থক সকলে তেঁওক শক্তিশালী ৰাষ্ট্ৰীয় নেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাই আছে। অসম তথা উত্তৰ-পূৱৰ ৰাজনীতিত মমতা দিদিয়ে কি ভূমিকা গ্ৰহণ কৰে বা প্ৰভাৱ পেলায় সেয়া লক্ষনীয় হ’ব ।

Leave A Reply

Your email address will not be published.