২০ টা ৰাষ্ট্ৰবিৰোধী ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ কৰিলে ভাৰত চৰকাৰে
চৰকাৰে ২০ টা ভাৰত বিৰোধী ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ কৰিছে। চেনেল আৰু ৱেবছাইটসমূহে ইচ্ছাকৃতভাৱে ভুৱা ভাৰত বিৰোধী বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মতে, সেই ৱেবছাইট আৰু ইউটিউব চেনেলসমূহত সম্প্ৰচাৰিত তথ্য দেশৰ নিৰাপত্তাৰ বাবে বিপদজনক আৰু তথ্যগতভাৱে ভূৱা।
ভাৰত বিৰোধী কাৰ্যকলাপৰ প্ৰচাৰ আৰু ইচ্ছাকৃতভাৱে ভাৰত বিৰোধী আৰু ভুৱা বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে ৱেবছাইট আৰু ইউটিউব চেনেলটো বন্ধ কৰি দিয়া হৈছে।
উল্লেখ্য যে, ভাৰতীয় সেনা, ৰাম মন্দিৰ, সংখ্যালঘু সম্প্ৰদায় আৰু শেহতীয়াকৈ স্বৰ্গীয় চিডিএছ বিপিন ৰাৱাটৰ বিষয়ে ভুল তথ্য সেই ইউটিউব চেনেল আৰু ৱেবছাইটসমূহৰ পৰা বাতৰিৰ ৰূপত শ্বেয়াৰ কৰা হৈছিল।