Daily Time Axom

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক সাক্ষাৎ

0 8

নতুন দিল্লীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক মঙলবাৰে সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

টুইটাৰযোগে মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে যে, ” সংসদত অসমৰ সাংসদসকলৰ সৈতে মাননীয় কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰো। মুখ্য অৰ্থনৈতিক বিষয়বোৰৰ ওপৰত তেওঁৰ অন্তৰ্দৃষ্টি আৰু নিৰ্দেশনা সদায়ে জ্ঞানবৰ্ধক।” মুখ্যমন্ত্ৰী শৰ্মাই লগতে জনাইছে যে তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিছে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক মই আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমান্ত পুনৰ সংৰক্ষণ বিষয় সন্দৰ্ভত সাক্ষাৎ কৰিছো। আমি কিছু অগ্ৰগতি লাভ কৰিছো আৰু পৰৱৰ্তী পৰ্যায়ৰ আলোচনা জানুৱাৰী মাহত অনুষ্ঠিত হ’ব।”

Leave A Reply

Your email address will not be published.