Daily Time Axom

অযোধ্যা ভুমি কেলেংকাৰী ! উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ ৷

0 10

উত্তৰ প্ৰদেশৰ অযোধ্যাত উত্তৰ প্ৰদেশৰ বিজেপি নেতা তথা প্ৰশাসনীয় বিযয়া সকলে ভুমি কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ মহাসচিব প্ৰিয়ংকা গান্ধীৰ । বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ মহাসচিব তথা উত্তৰ প্ৰদেশত কংগ্ৰেছৰ পৰ্যবেক্ষক প্ৰিয়ংকা গান্ধীৰ ।
ভগৱান ৰাম আদৰ্শ আৰু নৈতিকতাৰ প্ৰতীক আছিল । বলিদান আৰু ত্যাগৰ প্ৰতীক ভগৱান ৰামৰ নামত বৰ্তমান দেশত আৰম্ভ হৈছে ভ্ৰষ্টাচাৰ । সমগ্ৰ দেশৰ ভক্তগণৰ আস্থাক আজি বিজেপি দলে আঘাত কৰিছে । বিজেপি দলক তীব্ৰ কটাক্ষ প্ৰিয়ংকা গান্ধীৰ ।
ইয়াৰ পুৰ্বে কংগ্ৰেছ মহাসচিব তথা দলৰ ৰাষ্ট্ৰীয় প্ৰবক্তা ৰণদীপ সুৰজেৱালাই ৰবিবাৰে অভিযোগ উত্থাপন কৰিছিল যে অযোধ্যাৰ নিৰ্মিয়মাণ ৰাম মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চল সমুহত বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ একাংশ প্ৰশাসনীয় বিযয়াই সংঘটিত কৰিছে ভুমি কেলেংকাৰী । ২০১৯ চনত উচ্চতম ন্যায়লয়ে ৰামমন্দিৰক লৈ ৰায় প্ৰদান কৰাৰ পিচতে বিজেপি নেতা , প্ৰশাসনীয় বিযয়া সকলে পানীৰ দৰত ক্ৰয় কৰিছিল ভুমি । নিৰ্মিয়মান ৰামমন্দিৰৰ দাঁতিকাষৰীয় অঞ্চলৰ ভুমি সমুহ এনে এক গোপন প্ৰক্ৰিয়াৰ দ্বাৰা ক্ৰয় কৰা হৈছিল , যাৰ দ্বাৰা ৰাম মন্দিৰ ট্ৰাষ্ট উপকৃত হব পাৰে । অৰ্থাৎ ৰাম মন্দিৰৰ বাবে সংগ্ৰহ কৰা বৰঙণিৰ হৰলুকী কৰা হৈছে বুলি অভিযোগ কংগ্ৰেছ নেতৃত্বৰ ।
ৰবিবাৰে কংগ্ৰেছ প্ৰবক্তা ৰণদীপ সুৰজেৱালাৰ অভিযোগ পিচতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যখনৰ ৰাজহ বিভাগক ।
বৃহস্পতিবাৰে অনুষ্ঠিত সংবাদমেলত , মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ তদন্তৰ নিৰ্দেশক প্ৰহসন আখ্যা প্ৰিয়ংকা গান্ধীৰ । তদন্ত উচ্চতম ন্যায়লয়ৰ স্তৰত কৰোৱাৰ দাবী কংগ্ৰেছ মহাসচিব প্ৰিয়ংকা গান্ধীৰ ।

Leave A Reply

Your email address will not be published.