বিধানসভাত ৰাজ্য চৰকাৰৰ বিস্ফোৰক তথ্য ! ৪ লাখ বিঘা চৰকাৰী ভুমি বেদখলকাৰীৰ কৱলত
ৰাজ্যবাসীৰ বাবে চিন্তনীয় তথ্য । বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াৰ এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰিলে চৰকাৰে । উপায়ুক্ত সকলে প্ৰদান কৰা হিচাপৰ পৰা এই তথ্য প্ৰকাশ কৰিলে চৰকাৰে । বিধানসভাৰ মজিয়াত ডাঙি ধৰা তথ্য অনুসৰি ৪৩১৩৩৫.০৪ বিঘা চৰকাৰী ভুমি তথা বনভুমি বৰ্তমানেও দখলত আছে অবৈধ দখলদাৰীৰ কৱলত ।