হিমন্ত বিশ্ব শৰ্মা কেবিনেটে কি কি নতুন সিধান্ত ল’লে বৃহস্পতিবাৰে ?
বৃহস্পতিবাৰে আবেলি দিশপুৰ জনতা ভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এই সপ্তাহটোৰ কেবিনেটৰ নিয়মীত বৈঠক ৷ ২৪ ডিচেম্বৰত গ্ৰহণ কৰা কেবিনেটৰ গুৰুত্বপূৰ্ণ কিছু সিধান্ত-
১/ চৰকাৰী চাকৰিয়াললৈ গৃহ নিৰ্মাণৰ সুবিধা:-
আপোন ঘৰ আঁচনিৰ অধীনত গৃহ নিৰ্মাণৰ হেতু ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুত ৰেহাইৰে ১৩০.৬৪ কোটি টকাৰ অনুমোদন ৷
● মুঠ আবন্টিত ধন ৰাশি : ৪,৩১২.৬৬ কোটি
• মুঠ হিতাধিকাৰী ঃ ৩১,৯৯৬
২০১৭-১৮ বৰ্ষৰ পৰা সুত ৰেহাই ১৬২.৭৪ কোটি
২/ অংগনৱাড়ী কৰ্মীৰ অৱসৰকালীন লাভ:-
মহিলা আৰু শিশুৰ কল্যাণৰ হকে আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ৬০ বছৰৰ পাছত অৱসৰৰ সময়ত অংগনবাড়ী কর্মীসকললৈ এককালীন ধনৰাশি আগবঢ়োৱাৰ সিধান্ত :
• অংগনবাড়ী কর্মীলৈ ৪ লাখ টকা
● মিনি অংগনবাড়ী কর্মীলৈ ৩ লাখ টকা
● অংগনবাড়ী সহায়কলৈ ২ লাখ টকা
অংগনৱাড়ী কর্মীৰ মৃত্যুৰ ক্ষেত্ৰত নিকটাত্মীয়ই একেই লাভালাভ গ্রহণত যোগ্য হিচাপে বিবেচিত হ’ব ৷
৩/ ষাঠী বছৰ বয়সৰ আগতে পদত্যাগ বা সেৱা ত্যাগ কৰাৰ ক্ষেত্ৰত নিম্নতম ১০ বছৰ সেৱা আগবঢ়োৱা কর্মীয়ে পাব ৫০% লাভালাভ ৷
৪/ শক্তি বিতৰণ আৰু সঞ্চাৰণৰ ব্যয় হ্রাস
পাৱাৰ ইউটিলিটী কোম্পানীসমূহক লাভ উপার্জনকাৰী প্ৰতিষ্ঠানলৈ উত্তৰণৰ বাবে ক্ষমতা প্ৰদানৰ উদ্দেশ্যৰে এই জি চি এল আৰু এ পি জি চি এলক চৰকাৰী ঋণ আৰু অনুদানক ইকুইটীলৈ ৰূপান্তৰৰ লগতে চৰকাৰী ঋণত অপৰিশোধিত সূত ৰেহাইত অনুমোদন ৷
৮,৭২৭.০৮ কোটি টকাৰ বিনিয়োগ পৰিকল্পনাৰ সৈতে ৰাজ্যত পুনর্নির্মিত বিতৰণ খণ্ড আঁচনি (RDSS)ৰ ৰূপায়ণত অনুমোদন-
● উচ্চ ভল্টেজ বিতৰণ পদ্ধতি (HVDS), এৰিয়েল বাঞ্চেড (AB) কেবল, নতুন উপ-কেন্দ্ৰ আৰু লাইন, ফীডাৰৰ বিভাজন, বিদ্যমান লাইনৰ পুনৰ পৰিবাহীকৰণ, SCADA ইত্যাদি নির্মাণ ৷
শুল্ক ৰাজসাহায্য পৰিশোধৰ বাবে এ পি ডি চি এললৈ ১৩৭ কোটি টকা অনুমোদন ৷
৫/ প্রাক্তন সৈনিকৰ বাবে চাকৰি সংৰক্ষণ:-
দেশলৈ আগবঢ়োৱা সেৱাৰ প্ৰতি সম্মান জনাই প্রাক্তন সৈনিকসকলৰ ক্ষেত্ৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত ২% সংৰক্ষণত অনুমোদন ৷
● দিব্যাংগ (সেৱাকালীন) প্রাক্তন সৈনিক আৰু কৰ্তব্যৰ সময়ত মৃত্যু হোৱা প্ৰাক্তন সৈনিকৰ পৰিয়ালৰ বাবে ২৫% সংৰক্ষণ ৷
আন প্রাক্তন সৈনিকসকলৰ বাবে ৭৫% সংৰক্ষণ ৷
৬/ বাধ্যতামূলক চৰকাৰী ই-মার্কেট প্লেচ :-
স্বচ্ছতা আৰু অত্যধিক ক্ৰয়ৰ প্ৰতি লক্ষ্য ৰাখি জি ই এমত উপলব্ধ সকলো সামগ্ৰী আৰু সেৱা কিছু ব্যতিক্ৰমেৰে ৰাজহুৱাভাৱে বাধ্যতামূলক ক্ৰয়ত অনুমোদন ৷
৭/ বিনিয়োগ হ’ল্ডিং কোম্পানী:-
তেল, গেছ আৰু সাৰ আদি কোম্পানীসমূহত পৰ্টফলিঅ’ বিনিয়োগ নিয়ন্ত্রণ আৰু পৰিচালনা কৰিবলৈ বিত্ত বিভাগৰ অধীনত এটা ইনভেষ্টমেন্ট হল্ডিং কোম্পানী স্থাপনত অনুমোদন ৷
ই এনে গুৰুত্বপূৰ্ণ খণ্ডত বিকাশ বৃদ্ধি আৰু চৰকাৰৰ ৰাজহ প্রবাহত অৰিহণা যোগাৰ
৮/ আৰক্ষীৰ নিযুক্তিত আৱাসিক প্রমাণ পত্ৰ :-
ফলাফল প্রকাশৰ পাছত অসম আৰক্ষীৰ বিভিন্ন পদৰ বাবে বাছনি কৰা প্ৰাৰ্থীসকলৰ বাবে আবাসিক/স্থায়ী বাসস্থানৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন ৷ অনুসূচিত জাতি, জনজাতি আৰু অ’ বি চিৰ বাবে এই নিয়ম প্রযোজ্য নহয় ৷