Daily Time Axom

৩১ ডিচেম্বৰত সুৰাপায়ীক ৰুধিবলৈ প্ৰস্তুতি ৷ মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স ৷

0 8

৩১ ডিচেম্বত এইবাৰ সুৰাপায়ী চালকৰ প্ৰতি আগতেই সাৱধানবাণী শুনাইছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৷ ঘোষণা কৰিয়েই বহি থকা নাই মুখ্যমন্ত্ৰী ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, ডিটিঅ’, আবকাৰী অধীক্ষকসকলক ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত সুৰা আৰু গাড়ী চলোৱাৰ ক্ষেত্ৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত আৰু অন্যান্য বিষয়াসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত সুৰা পান কৰি গাড়ী চলোৱাৰ ঘটনাক প্ৰতিহত কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰিবলৈ কৈছে।

তেওঁ উপায়ুক্তসকলক বিশেষকৈ ৩১ ডিচেম্বৰৰ নিশা অসমৰ জিলা অসামৰিক চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়সমূহ পৰিদৰ্শন কৰি পথ দুৰ্ঘটনাত পীড়িতসকলৰ বাবে তাৎক্ষণিক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে তৎপৰ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকসকলক যিকোনো আৱশ্যকতা পূৰণ কৰিবলৈ এম্বুলেন্স সাজু কৰিবলৈ পৰামৰ্শ দিছে।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, “মানুহে উৎসৱৰ বতৰ উপভোগ কৰা উচিত। কিন্তু এই উপভোগে সীমা অতিক্ৰম কৰিব নালাগে। প্ৰতিটো জীৱন মূল্যৱান আৰু উপভোগৰ নামত, মূল্যৱান মানৱ জীৱন হেৰুৱাব নালাগে”। সেয়েহে তেওঁ মটৰ চালকসকলক সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ডিচি আৰু এছপিসকলক যিকোনো ঘটনা প্ৰতিহত কৰিবলৈ নদীৰ কাষত থকা বনভোজস্থলীত আৰক্ষী আৰু এছডিআৰএফ কৰ্মী মোতায়েন কৰিবলৈও কয়।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি কামৰূপ (এম) জিলা প্ৰশাসনে শুকুৰবাৰে নিশা গুৱাহাটীত ড্ৰিংক এণ্ড ড্ৰাইভৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানটো গণেশগুৰি আৰু চহৰৰ অন্যান্য ঠাইত পৰিচালনা কৰা হৈছিল।

উল্লেখ্য যে, টিঅ’ হিমাংশু দাসৰ তত্বাৱধানত এই অভিযান চলোৱা হৈছিল।

Leave A Reply

Your email address will not be published.