Daily Time Axom

গুৱাহাটীত ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীক সোঁ‌ৱৰণ

0 6

শনিবাৰে মহানগৰীৰ দীঘলীপুখুৰীত আয়োজিত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰত ৰত্ন সন্মানেৰে সন্মানিত অটল বিহাৰী বাজপেয়ীৰ আদৰ্শ আৰু স্মৃতিক স্মৰণ কৰা হয় । প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ ৯৭ সংখ্যক জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ কুইন ওজা আদিৰ উপস্থিতিত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীৰ দিনটোক সুশাসন দিৱস হিচাপে পালন কৰে বিজেপি । অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বৰ শৰ্মাৰ ঘোষণা , অচিৰেই ৰাইজৰ বৰঙণিৰে গুৱাহাটীত নিৰ্মাণ কৰা হ’ব অটল বিহাৰী বাজপেয়ীৰ এটা পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি । সুশাসন দিৱসৰ বিশেষ দিনটোত বিজেপি দলৰ সকলো কৰ্মকৰ্তাক মহান ব্যক্তি গৰাকীৰ আদৰ্শৰ বাটেৰে আগুৱাই যাবলৈ আহ্বান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

Leave A Reply

Your email address will not be published.