Daily Time Axom

কৰোনা ভেকচিনৰ উদ্ভাৱনত প্ৰথম ৰাছিয়া

0 14

ডিজিটেল ডেক্স:
সমগ্ৰ বিশ্বজুৰি কৰোনা ভাইৰাছৰ ভেকচিন পৰিক্ষা নিৰিক্ষা চলি থকাৰ সময়তেই ৰাছিয়াই ইতিমধ্যে ভেকচিন উদ্ভাৱনৰ কথা ঘোষনা কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে জনাই যে ৰাছিয়াই হৈছে বিশ্বৰ প্ৰথমটো কৰোনা প্ৰতিৰোধী ভেকচিন উদ্ভাৱন কৰা দেশ।এতিয়ালৈকে বিশ্বত প্ৰায় ২০ মিলিয়ন লোক কৰোনাত আক্ৰান্ত হৈছে আৰু প্ৰায় ৭লাখ ৫০ হাজাৰ লোকৰ মৃত্যু হৈছে।কৰোনা মহামাৰিৰ এই সংহাৰি ৰূপৰ মাজতেই ৰাছিয়াৰ ভেকচিন আবিষ্কাৰে বিশ্ববাসীৰ মাজলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। ৰাছিয়াৰ ভেকচিন প্ৰজেক্ট ফাণ্ডৰ মুখ্য বিষয়া কিৰিল ভিমিত্ৰিভৰ মতে চেপ্তেম্বৰৰ পৰা এই ভেকচিন জনসাধাৰণৰ মাজত উপলব্ধ হ’ব।বিশ্বৰ বিশ খন দেশে এতিয়ালৈকে এক বিলিয়নতকৈ অধিক ভেকচিন আগতীয়াকৈ ৰাছিয়াৰ পৰা কিনিবলৈ যো-জা কৰিছে।

Leave A Reply

Your email address will not be published.