Daily Time Axom

সাপে খুঁটাৰ পিছত এতিয়া সুস্থ চলমান ৷ সাপে খুটা ফাৰ্ম হাউছতে জন্মদিনৰ আয়োজন

0 11

আজি চলমান খানৰ জন্মদিন ৷ ৫৭ত ভৰি দিলে চল্লু ভাইয়ে ৷ জন্মদিন পালন কৰিবলৈ চলমান আগতীয়াকৈ গৈছিল মুম্বাইৰ সমীপৰ পানভেলৰ ফাৰ্ম হাউচলৈ ৷ চলমান খানক শনিবাৰে নিশা পানভেলৰ ফাৰ্ম হাউচত এটা সাপে খুটিছিল । তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। দেশজুৰি উদ্বেগ অব্যাহত চলমানৰ অৱস্থা এতিয়া কেনেকুৱা? অনুৰাগীসকল চিন্তিত হৈ আছে। চলমান খানৰ চিকিৎসালয়ৰ বিচনাত থকা ছবি এখন ভাইৰেল হৈছিল। অনুৰাগীসকল ছবিখনক লৈ চিন্তিত হৈ পৰিছিল। এইবাৰ চলমানৰ আন এখন ছবি ওলাইছে । তাত তেওঁক সম্পূৰ্ণৰূপে স্বাভাৱিক আৰু আৰোগ্য দেখা গৈছে। 

চলমান খান তেওঁৰ জন্মদিনৰ আগতে অসাৱধানতাৰ বাবে দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। ভাইজানে শনিবাৰে খ্ৰীষ্টমাছৰ নিশা পানভেলৰ ফাৰ্মহাউচত বন্ধুবৰ্গৰ সৈতে কথা পাতি আছিল। কেইদিনমান আগতে চলমানক তেওঁৰ ফাৰ্মহাউচৰ তত্ত্বাৱধায়কে জনাইছিল যে ফাৰ্মহাউচত সাপ সোমাইছে আৰু যদি ব্যৱস্থা লোৱা নহয়, সমস্যাটো বৃদ্ধি পাব। তত্ত্বাৱধায়কৰ আগতীয়া সতৰ্কবাণী স্বত্বেও ফাৰ্মহাউচৰ পৰা সাপ খেদিবলৈ কোনো ব্যৱস্থা লোৱা নাছিল। 

চলমান খানে শনিবাৰে নিশা বন্ধুবৰ্গৰ সৈতে কথা পাতি আছিল। তেতিয়াই তেওঁৰ বন্ধুসকলে তেওঁৰ চকীখনৰ পৰা এডাল সাপ নামি অহা দেখিছিল। চলমানে তেতিয়াই তেওঁৰ হাতত বিষ অনুভৱ কৰি দেখিলে তেওঁক এটা সাপে খুটিছে ৷ তেতিয়া চলমানক তেওঁৰ বন্ধুবৰ্গই ততাতৈয়াকৈ এমজিএম চিকিৎসালয়লৈ লৈ যায়। চুপাৰষ্টাৰজনক নৱী মুম্বাইৰ এই চিকিৎসালয়ত একাধিক চিকিৎসকে চিকিৎসা কৰে। তেওঁক চিকিৎসালয়লৈ অনাৰ লগে লগে, চিকিৎসকে তেওঁক বিষ প্ৰতিৰোধী বেজী দিয়ে। তাৰ পিছত তেওঁক কেইবা ঘণ্টা পৰ্যবেক্ষণত ৰাখে । চলমানক অৱশেষত দেওবাৰে নিশা প্ৰায় ১২ বজাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। চলমান এতিয়া সম্পূৰ্ণ সুস্থ । গোটেই ফাৰ্মহাউচটো ইতিমধ্যে বেলুনেৰে সজোৱা হৈছে আৰু তাতেই চলমানে এখন ফটো উঠিছে, যিখন এতিয়া ভাইৰেল হৈ আছে । তাতেই আজি আয়োজন হৈছে চলমানৰ জন্মদিন ৷

Leave A Reply

Your email address will not be published.