Daily Time Axom

জীৱন জোৰা সাহিত্য বঁটা বিলুপ্তি ঘটালে অসম প্ৰকাশন পৰিষদে, নতুনকৈ ’সাহিত্য বঁটা’ প্ৰৱৰ্তন ৷ নন্দিতা দেৱী আৰু নগেন শৰ্মালৈ এই বছৰৰ ’সাহিত্য বঁটা’ ৷

0 10

অসম প্ৰকাশন পৰিষদৰ সন্মানীয় প্রকাশন পৰিষদৰ এই বছৰৰপৰা নতুনকৈ প্ৰৱৰ্তন কৰা সাহিত্য বঁটা-২০২১ সাহিত্যিক নন্দিতা দেৱীলৈ তেওঁৰ বঙল বহুদূৰ উপন্যাসৰ বাবে আগবঢ়োৱা হৈছে। এই গ্ৰন্থখনৰ প্ৰকাশক জ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰ নগেন শৰ্মা । সোমবাৰে অসম প্ৰকাশন পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত আয়োজিত সংবাদ মেলত সচিব প্রমোদ কলিতাই এই বঁটা ঘোষণা কৰে। সংবাদমেলত সাংবাদিকক সম্বোধন কৰি কলিতাই কয় যে এই সাহিত্য বঁটাত আছে দুই লাখ টকা, এখন মানপত্ৰ আৰু মুল্যবান গ্ৰন্থৰ টোপোলা এটা। নির্বাচিত সাহিত্যিকগৰাকী আৰু গ্ৰন্থৰ প্রকাশক দুয়োকে সম মর্যাদাৰে এই বঁটা প্ৰদান কৰা হ’ব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অহা ২৯ ডিচেম্বৰ, ২০২১ৰ পৰা ৯ জানুৱাৰী, ২০২২লৈ আয়োজন কৰা অসম গ্রন্থমেলাৰ ২৯ ডিচেম্বৰৰ বিয়লি ৩ বজাত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।

মন কৰিবলগীয়া যে অজ্ঞাত কাৰণত অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা পূর্বে প্ৰদান কৰি অহা জীৱন জোৰা সাধনা বঁটা এই বছৰৰ পৰা বিলুপ্তি ঘটিইছে ৷ তাৰ পৰিবর্তে এই বছৰৰ পৰা সাহিত্য বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় ৪০০ গ্রন্থৰ মাজৰ পৰা উক্ত গ্ৰন্থ ‘বঙল বহু দূৰ’ উপন্যাসৰ বাবে সাহিত্যিক নন্দিতা দেবী আৰু প্রকাশক নগেন শৰ্মাক এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে, এই বঁটাৰ বাবে জুৰীৰ সদস্যসকলৰ মনোনীত পাঁচখন গ্ৰন্থ হ’ল-দীপক কুমাৰ বৰকাকতীৰ ‘হৃদয়ালয়’, তপন দত্তৰ ‘নিঃশব্দ বার্তালাপ’, অপূর্ব কুমাৰ শইকীয়াৰ ‘চ’তৰ উৰহী’ জয়ন্ত মাধৱ বৰাৰ ‘দেউল’, ৰবীন শৰ্মাৰ ’ফুলমতী এগাল জোনাক’ ৷

Leave A Reply

Your email address will not be published.