Daily Time Axom

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ নিৰ্বাচনী আয়োগ ! উত্তৰ প্ৰদেশত বিৰোধীক হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷

0 7

আগন্তুক ২০২২ বৰ্ষত ৫ খন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । উত্তৰ প্ৰদেশ, গোৱা , পাঞ্জাব ,উত্তৰাখণ্ড আৰু মণিপুৰ ৰাজ্যত অনুষ্ঠিত হ’ব নিৰ্বাচন ।
৫ ৰাজ্যৰ নিৰ্বাচনক লৈ তৎপৰ হৈছে নিৰ্বাচনী আয়োগ ।

ওমিক্ৰণৰ আতংকৰ মাজত ৰাজ্য ৫ খনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব নে নাই , সেই সম্পৰ্কত সোমবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ বিযয়ববীয়াৰে আলোচনাত মিলিত হয় নিৰ্বাচনী আয়োগ । প্ৰতিখন ৰাজ্যৰে বাস্তৱ পৰিস্থিতি পৰ্যালোচনা কৰিহে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব বুলি সোমবাৰে প্ৰকাশ কৰিছিল নিৰ্বাচনী আয়োগে । নিৰ্বাচনী আয়োগৰ দলে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ৰাজ্য কেইখন ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল’ব । তাৰে অংশ হিচাপে মঙলবাৰে নিৰ্বাচনী আয়োগৰ এটা দল তিনিদিনীয়া ভ্ৰমণ সূচী লৈ উপস্থিত হয় উত্তৰ প্ৰদেশত । সংশ্লিষ্ট ৰাজ্য কেইখনত নিৰ্বাচন অনুষ্ঠিত কৰা নকৰা সম্পৰ্কত নিৰ্বাচনী আয়োগে চুড়ান্ত সিদ্ধান্ত প্ৰকাশ কৰিব ২০২২ চনৰ জানুৱাৰী মাহত ।
এনে অৱস্থাৰ মাজতো কিন্ত হাত সাৱটি বহি থকা নাই ৰাজনৈতিক দলসমুহে । নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ৰাজ্যকেইখনত ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে বিজেপি দলে । কংগ্ৰেছ , সমাজবাদী পাৰ্টি , বহুজন সমাজ পাৰ্টি , আম আদমী পাৰ্টি আদি ৰাজনৈতিক দলেও প্ৰচাৰৰ ক্ষেত্ৰত বিজেপিৰ সমান্তৰালভাৱে প্ৰচাৰ আৰম্ভ কৰিছে । পঞ্জাৱত আম আদমী পাৰ্টিয়ে কিছু তৎপৰতা প্ৰদৰ্শন কৰিছে যদিও , বিজেপি কাষ চাপিবলৈ সক্ষম হোৱা নাই দলটো । ইতিমধ্যে বিজেপি দলে পঞ্জাৱত মিত্ৰজোঁট গঠনৰ ক্ষেত্ৰত শেষ পৰ্যায়ত উপস্থিত হৈছে । কৃষি আইন বিতৰ্কৰ পিচত মিত্ৰতা ভংগ হোৱা শিৰোমণি আকালি দলৰ সৈতে পুনৰ মিত্ৰতাত আৱদ্ধ হৈছে বিজেপি । লগতে বিজেপি – শিৰোমণি আকালি দলৰ মিত্ৰজোঁটত এইবাৰ আন এটা দল যোগ হৈছে । কংগ্ৰেছ ত্যাগ কৰি লোক কংগ্ৰেছ দল গঠন কৰা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙ এইবাৰ বিজেপি- আকালি দলৰ মিত্ৰজোটৰ অংশ হৈছে । সুত্ৰৰ খবৰ অনুসৰি ইতিমধ্যে আসন ভাগ বটোৱাৰক লৈয়ো সহমতত উপনীত হৈছে দল তিনিটা ।

দেশৰ হাইপ্ৰফাইল ৰাজ্য উত্তৰ প্ৰদেশতো ইতিমধ্যে ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰিছে বিজেপি দলে । ঘনে ঘনে ৰাজ্যখন ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসুচী , জনসভাত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাণপুৰত উপস্থিত হৈ কানপুৰ মেট্ৰো সেৱা উন্মোচন কৰে ।
আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে উত্তৰ প্ৰদেশৰ হৰদৈ , চুল্টানপুৰ আৰু ভদোহীৰ জনসভাত অংশগ্ৰহণ কৰে ।
হৰদৈত অনুষ্ঠিত জনসভাত অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰোধীক হুংকাৰ- “জনসভাৰ দৃশ্য চাওক বিৰোধীয়ে । সেই দৃশ্যই উত্তৰ দিব বিৰোধীক । এইবাৰ উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টি আৰু বহুজন সমাজবাদী পাৰ্টি নিচিহ্ন হ’ব ৷”

Leave A Reply

Your email address will not be published.