বুধবাৰৰ পৰা অসম গ্ৰন্থমেলা আৰম্ভ
ক’ভিড -১৯ মহামাৰীৰ মাজতে গুৱাহাটীৰ চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত বুধবাৰৰ পৰা (২৯ ডিচেম্বৰ) অসম গ্ৰন্থমেলা আৰম্ভ হ’ব। কৰ’না ভাইৰাছ মহামাৰীৰ বাবে অসমৰ প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা আৰু উত্তৰ-পূব গ্ৰন্থমেলাক একত্ৰিত কৰাৰ সিদ্ধান্ত লৈছে আৰু এই বছৰ ‘অসম গ্ৰন্থ মেলা’ নামেৰে নামাকৰণ কৰিছে।
১২ দিনীয়া অসম গ্ৰন্থমেলা কাইলৈ আবেলি ৩ বজাত উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশব শৰ্মাই ৷
এই বছৰ, গ্ৰন্থমেলাত ৩০০তকৈও অধিক নতুন কিতাপ উপলব্ধ হ’ব। গ্ৰন্থ মেলাত কমেও ১৫০ খন কিতাপৰ দোকানে অংশগ্ৰহণ কৰিব। গ্ৰন্থমেলাখন দৰ্শনাৰ্থীসকলৰ বাবে পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ মুকলি থাকিব আৰু শিশুসকলে বিনামূলীয়া প্ৰৱেশ লাভ কৰিব।