মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ ষড়যন্ত্ৰ ! গৰুখুঁটি প্ৰকল্পক লৈ ৰাজনীতি নকৰিবলৈ বিজেপিৰ সকিয়নি খালেকক ৷
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে আব্দুল খালেক । বিধায়ক আব্দুল খালেকে দিশপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া গোচৰৰ সন্ধৰ্ভত বিজেপিৰ প্ৰতিক্ৰিয়া । গৰুখুঁটি প্রকল্প ৰূপায়ণ এক জাতীয় দায়িত্ব বুলি অভিহিত কৰি বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
গৰুখুঁটি প্রকল্প আৰু অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজনৈতিক উদ্দেশ্য প্রণােদিতভাৱে এক আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্রত একাংশ তথাকথিত
বুদ্ধিজীৱী, ৰাজনৈতিক দল, সংগঠন তথা ব্যক্তি লিপ্ত হৈছে। কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ বক্তব্যও এই ষড়যন্ত্রৰ অংশ বিশেষ । বিজেপি অসম প্রদেশৰ মুখপাত্র সুভাষ দত্তই কয়,গৰুখুঁটিত অসমৰ জাতীয় জীৱনৰ আৱেগ জড়িত হৈ আছে। ঐতিহাসিক অসম আন্দোলনত এই গৰুখুঁটিত কেইবাজনাে ভূমিপুত্ৰই প্রাণ আহুতি দিছিল। তেনেস্থলত এই গৰুখুঁটি উদ্ধাৰ আৰু প্রকল্প ৰূপায়ণ কৰাটো এক জাতীয় দায়িত্ব। অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই জাতীয় দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছে। সুভাষ দত্তই লগতে কয়, অবৈধ অনুপ্রৱেশকাৰী ৰহিংগীয়াৰ বাবে মৰিবলৈও সাজু হােৱা আব্দুল খালেকৰ দৰে অবৈধ অনুপ্রৱেশকাৰী বেদখলকাৰীৰ
প্রবক্তাৰ স্বৰূপ আজি অসমৰ ৰাইজৰ সন্মুখত আকৌ এবাৰ স্পষ্ট হৈছে। অসমৰ জাতীয় জীৱনক অর্থনৈতিক আন্দোলনৰ এক প্রগতিশীল ধাৰাৰ সৈতে সংযুক্ত কৰাৰ বাবে গৰুখুঁটিৰ দৰে প্ৰকল্পৰ যােগেদি উৎপাদনমুখী আৰু বহুমুখী প্রকল্পৰ পৃষ্ঠপােষকতা চৰকাৰীভাৱে কৰা হৈছে। অসমৰ বিভিন্ন প্রান্তত চলি থকা অবৈধ বেদখলকাৰীক উৎসাহিত কৰাৰ উদ্দেশ্য ৰাজনৈতিক উদ্দেশ্য প্রণােদিতভাৱে কংগ্ৰেছী সাংসদগৰাকীয়ে এক আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্র লিপ্ত হােৱা বুলি অভিযােগ কৰে বি জে পিয়ে ৷ আব্দুল খালেকৰ দৰে নেতাৰ পৃষ্ঠপােষকতা কৰা কংগ্ৰেছ দলে আগন্তুক সময়ত খিলঞ্জীয়া ভূমিপুত্র জনগােষ্ঠীয় ৰাইজৰ মাজলৈ যােৱাৰ নৈতিক অধিকাৰ কেতিয়াবাই হেৰুৱাই পেলাইছে।
গৰুখুঁটি অসমৰ জাতীয় জীৱনৰ বাবে এক স্বাভিমান আৰু আদৰ্শৰ প্রকল্প আৰু ইয়াকে লৈ কোনাে ষড়যন্ত্র আৰু অপ-প্রচাৰ সহ্য কৰা নহ’ব বুলি মুখপাত্রজনে সকিয়াই দিয়ে।