Daily Time Axom

২০২১ বৰ্ষত ৰাজ্যত প্ৰায় ৫৪১৫টা দুৰ্ঘটনাত ২২০৬ জনৰ মৃত্যু

0 9


অসমত ২০২১ বৰ্ষত চৰকাৰী তথ্য মতে সংঘটিত হৈছে অতি কমেও ৫০০০টা পথ দুৰ্ঘটনা ৷ ২২০০ ৰো অধিক লোকৰ মৃত্যু হৈছে পথ দুৰ্ঘটনাত ৷ এয়া হ্ৰাস কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংশ্লিষ্ট কৰ্তৃপক্ষক দ্ৰুত গতিত গাড়ী চলোৱা আৰু পথ দুৰ্ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে ।

শেহতীয়াকৈ, অসম আৰক্ষীয়েও ৰাজ্যখনত সুৰাপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ কৰিছে।

“চলিত বৰ্ষত ইতিমধ্যে ২০২১ চনৰ ছেপ্টেম্বৰলৈকে ৫৪১৫ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে য’ত কেৱল অসমত ২২০৬ জন লোকে প্ৰাণ হেৰুৱাইছে। ২০২০ চনত, সমগ্ৰ অসমতে ৬৫৯৩ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল য’ত ২৬২৯ জন লোকৰ মৃত্যু হৈছিল। এইটো অতি চিন্তাৰ বিষয় যে বেছিভাগ দুৰ্ঘটনা চালকৰ অৱহেলাৰ বাবেই সংঘটিত হৈছিল ৷ যেনে অত্যধিক দ্ৰুত গতিত গাড়ী চলোৱা, সুৰাপান কৰি গাড়ী চলোৱা, পথত সঠিক যান-বাহনৰ নিয়ম অনুসৰণ নকৰা ইত্যাদি,”- পৰিবহন সহকাৰী আয়ুক্ত গৌতম দাসে এইদৰে উল্লেখ কৰে।

পৰিবহণ বিভাগ, অসম আৰু জিলা পথ সুৰক্ষা সমিতি, কামৰূপ (মেট্ৰ’)য়ে ৩১ ডিচেম্বৰত নেহৰু ষ্টেডিয়ামৰ পৰা পুৱা ৭.৩০ বজাত বিভিন্ন বিশিষ্ট অটোমোবাইল হাউচ, ক্ৰীড়া ব্যক্তিত্ব, সাংস্কৃতিক ব্যক্তিত্ব, যুৱ আইকন, শিক্ষাৰ্থী আৰু বিশিষ্ট নাগৰিকসকলক লৈ এক বৃহৎ সজাগতা প্ৰচাৰ সমদল (ব্যপক জনসচেতনতা) আয়োজন কৰিছে যাতে দেশৰ লোকসকলৰ চালিত অভ্যাসত ইতিবাচক পৰিৱৰ্তন আহে আৰু ৰাজ্যৰ পথসমূহ সুৰক্ষিত কৰি তুলিব পাৰে।

Leave A Reply

Your email address will not be published.