Daily Time Axom

চাংসাৰি, উত্তৰ গুৱাহাটীত সুৰাপায়ী চালকৰ বিৰুদ্ধে পৰিবহন, আৰক্ষী ও জিলা প্ৰশাসনৰ তীব্ৰ অভিযান

0 9

ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৩১ ডিচেম্বৰ ও নৱবৰ্ষৰ প্ৰাকক্ষণত আৰু নৱবৰ্ষ উদযাপনৰ নামত এজনো লোক পথ দুৰ্ঘটনাত মৰিব নিদিও বুলি কৰা ঘোষণাৰ পিছতেই তেওঁৰ নিৰ্দেশ মৰ্মে কামত লাগি গল ৰাজ্যৰ পৰিবহন বিভাগকে ধৰি অন্যান্য কিছু বিভাগীয় বিষয়া কৰ্মচাৰীসকল। ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নিশা চাংসাৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত কামৰূপ জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাৰ দলৰ সহযোগত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপৰ লগতে চাংসাৰি আৰক্ষীৰ এটা দলে সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে অভিযান চলালে। সুৰাপায়ী চালকৰ অনুসন্ধানত কামৰূপ আৰক্ষী, জিলা পৰিবহন বিষয়াৰ দল আৰু কামৰূপ প্ৰশাসনে চলালে ৰাষ্ট্ৰীয় ঘাইপথটোৰে অহা বহু সংখ্যক গাড়ীৰ চালকৰ বিৰুদ্ধে তীব্ৰ অভিযান । ইয়াৰ উপৰিও কামৰূপ প্ৰশাসন, পৰিবহন বিষয়াৰ দলৰ সহিতে উত্তৰ গুৱাহাটী আৰক্ষীয়ে উত্তৰ গুৱাহাটীৰ বিভিন্ন ঠাইত অতৰ্কিতে চলালে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান । এইকেইদিন সুৰাপায়ী চালকৰ বিৰুদ্ধে চলা অভিযান দেখি মূখ্যমন্ত্ৰীৰ সদিচ্ছাৰ লগতে নিৰ্দেশনা পালন কৰিবলৈ কামৰূপ প্ৰশাসন, পৰিবহণ বিভাগ একেবাৰে বদ্ধপৰিকৰ হোৱা যেন পৰিলক্ষিত হৈছে। অইন যি নহওঁক আৰক্ষী আৰু পৰিবহন বিভাগৰ অভিযান বেছ সময়োপযোগী হৈছে । পিছে কেইদিনমানৰ বাবে এই অভিযান চলাই পৰিবহন ও আৰক্ষী বিভাগে নিজৰ দায়িত্ব নাসামৰি অদুৰ ভবিষ্যতেও দুৰ্ঘটনা ৰোধৰ বাবে এনে ধৰণৰ অভিযান চলাবলৈ আটাইকেইটা বিভাগকে আহ্বান জনাইছে সচেতন ৰাইজে।

Leave A Reply

Your email address will not be published.