কৰ্ণাটকত পৌৰ নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ জয় ৷ শাসকীয় বি জে পিৰ বিৰুদ্ধে জনতাৰ ৰায়
বিজেপিক পৰাস্ত কৰি কংগ্ৰেছৰ বিশাল জয়,কৰ্ণাটক পৌৰ নিৰ্বাচনত বিধ্বস্ত বিজেপি। বৃহস্পতি বাৰে ফলাফল ঘোষিত হোৱা কৰ্ণাটকৰ পৌৰ নিগম নিৰ্বাচনত জয়ী কংগ্ৰেছ দল। জনতাৰ ৰায় কংগ্ৰেছৰ সপক্ষে ৷ পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিলে ৪৯৮ খন আসন। ৰাজ্যখনত মুঠ ১১৮৪টা ৱাৰ্ডত হৈছিল নিৰ্বাচন। তাৰ ভিতৰত ৰাজ্যখনত শাসনত থকা বিজেপিয়ে লাভ কৰিছে ৪৩৭ খন আসন। কংগ্ৰেছে লাভ কৰিছে ৪২.০৬% শতাংশ ভোট আৰু বিজেপিয়ে ৩৬% শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে ৷
ৰাজ্যখনত শাসনত থকা বিজেপিৰ বিৰুদ্ধে পৌৰ নিৰ্বিচনৰ জনৰায় যোৱাৰ পৰিপেক্ষিতত কংগ্ৰেছী শিবিৰত ব্যাপক উৎসাহ দেখা গৈছে ৷