দৰঙত ৰাজহুৱা ধনৰ ব্যৱহাৰত ব্যাপক বিসংগতি
অসম বিধানসভাৰ এখন সৰ্বদলীয় ৰাজহুৱা সমিতিয়ে দৰং জিলাৰ কেইবাটাও চৰকাৰী বিভাগত ৰাজহুৱা ধনৰ ব্যৱহাৰত “গুৰুতৰ বিসংগতি” ধৰা পেলাইছে।
ৰূদ্ধদ্বাৰ বৈঠকৰ পিছত সমিতিখনৰ অধ্যক্ষ জ্যেষ্ঠ কংগ্ৰেছ বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে সাংবাদিকক এই বিষয়ে অৱগত কৰে।
“আমি ২০-২৫ খন চৰকাৰী আঁচনি ৰূপায়ণৰ বুজ ল’বলৈ ক্ষেত্ৰ ভ্ৰমণ কৰিছিলো আৰু কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিছিলো। আমি কেইবাটাও চৰকাৰী বিভাগৰ কাৰ্যকলাপত গুৰুতৰ বিসংগতি চিনাক্ত কৰিব পাৰিছো, বিশেষকৈ বহু কোটি টকাৰ ননৈ জলসিঞ্চন প্ৰকল্পত য’ত মাত্ৰ ৪০ শতাংশ প্ৰগতিৰ বিপৰীতে ৪৬ শতাংশ পুঁজি মুকলি কৰা হৈছে,” চৌধুৰীয়ে এইদৰে সংবাদিকক কয়।
তেওঁ আৰু কয় যে”একেদৰে, টুপী-বজাৰ আদি আৱণ্টন কৰোতে দৰং জিলা পৰিষদে কম হাৰৰ নিবিদা দাতা বাছনি কৰি চৰকাৰী নিৰ্দেশনা উলংঘা কৰিছে আনহাতে ন্যায়সঙ্গত কাৰণ অবিহনে সৰ্বাধিক নিবিদা দাতাসকলক প্ৰত্যাখ্যান কৰিছে।”