উত্তৰ-পশ্চিম নাইজেৰিয়াত ২০০ লোকৰ গণকবৰ
উত্তৰ-পশ্চিম নাইজেৰিয়াত কেইবাটাও আক্ৰমণত কমেও ২০০ জন লোকৰ মৃত্যু হৈছে। বহুত এতিয়াও সন্ধানহীন হৈ আছে। সপ্তাহটোৰ আৰম্ভণিতে, সেনা আৰু আৰক্ষীয়ে দুৰ্বৃত্তৰ ঘাটি দখল কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে,দুৰ্বৃত্তৰ দলে নিৰীহ গাওঁবাসীক হত্যা কৰিছে। অৱশ্যে, প্ৰশাসনে হত্যাকাণ্ডৰ সংঘটিত হোৱা কথা স্বীকাৰ কৰা নাই।
উত্তৰ-পশ্চিম আৰু মধ্য নাইজেৰিয়াত দীৰ্ঘদিন ধৰি দস্যু ৰাজ চলি আছে। লুণ্ঠন, ধৰ্ষণ, অপহৰণ, হত্যা এইবোৰ তাত দৈনন্দিন ঘটনা। ২০২০ চনৰ পৰা এনে ঘটনাৰ সংখ্যা আৰু বৃদ্ধি পাইছে। নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰী দেশখনত আইন-শৃংখলা বজাই ৰখাত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে। আৰু তাৰেই দস্যুসকলে সুবিধা লৈছে।
চৰকাৰী সূত্ৰৰ মতে, দস্যু সৈতে যুঁজ আৰম্ভণিৰে পৰা চলি আছে। সেনাই সেই সকলো অঞ্চল বিমানেৰে আক্ৰমণ কৰিছিল। আক্ৰমণত একাধিক দুৰ্বৃত্ত নিহত হৈছে। ইয়াৰ প্ৰতিশোধ স্বৰূপে, দস্যুসকলে উত্তৰ-পশ্চিম নাইজেৰিয়াৰ জামফাৰা প্ৰদেশৰ এটাৰ পিছত অঞ্চলত অভিযান চলায়। একাধিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শনিবাৰে জামফাৰা প্ৰদেশত আঠখন গাঁৱত আক্ৰমণ দস্যুৱে আক্ৰমণ কৰে। তেওঁলোকে নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি ২০০ জন লোকক হত্যা কৰে। নিৰ্মম হত্যাকাণ্ডৰ পৰা কোনে বাচি যোৱা নাছিল। যুৱক-যুৱতীৰ পৰা শিশু আৰু বৃদ্ধলৈকে, তেওঁলোকে সকলোকে হত্যা কৰে।
অৱশ্যে, চৰকাৰে ২০০ জন লোকৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰা নাই । তেওঁলোকে দাবী কৰিছে যে ৫৪ জন লোকৰহে মৃত্যু হৈছে। অৱশ্যে, স্থানীয় লোকে দাবী কৰে যে সংখ্যাটো ইয়াৰ কমেও ৪ গুণ। ইফালে, সেনাই শনিবাৰে সেই গাওঁবোৰ দখল কৰে। খবৰ অনুসৰি মৃতকসকলক গণ কবৰত সমাধিস্থ কৰা হৈছে। ইফালে, নাইজেৰিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে এই অভিযান চলি আছে। সেনাই একাধিক অস্ত্ৰ- শস্ত্ৰ, দস্যুৰ সম্পত্তি জব্দ কৰিছে। সেনাই ভৱিষ্যতে জনসাধাৰণৰ সুৰক্ষাৰ বাবে অভিযান চলাব।