Daily Time Axom

নিগেটিভ হ’ল পীয়ুষ হাজৰিকা ৷ পজিটিভ হ’ল বহু উচ্ছপদস্থ আৰক্ষী বিষয়া

0 11

দুলীয়াজানত হোৱা শীৰ্ষ আৰক্ষীৰ সন্মিলনখন ক’ভিডৰ সংক্ৰমণথলী হৈ পৰিল নেকি? কাৰণ সন্মিলনখনৰ পিছতে
অসম আৰক্ষীৰ বহুতো জ্যেষ্ঠ আৰক্ষী বিষয়াৰ ক’ভিড১৯ পজিটিভ পোৱা গৈছে ।

সেই অনুসৰি, জ্যেষ্ঠ আৰক্ষী বিষয়া এডিজিপি হীৰেন নাথ, ডিআইজি সত্যৰাজ নাৰায়ণ, শোণিতপুৰৰ এছ পি ধনঞ্জয় পি ঘানাৱত, বাক্সাৰ এছ পি ৰাজেন সিং, শদিয়াৰ এছ পি মোহনলাল মীনা, গোৱালপাৰাৰ এছ পি ভি ভি ৰাকেশ ৰেড্ডী, চিআইডিৰ এছ পি প্ৰণৱজ্যোতি গোস্বামীৰ পৰীক্ষাত ক’ভিড পজিটিভ হৈছে ।

ডিব্ৰুগড়ৰ এছডিএম এণ্ড এইচ অ’ আৰু ডিএছঅ’ৰ ড০ নৱজ্যোতি গগৈৰো পৰীক্ষা পজিটিভ হৈছে।

আনহাতে মন্ত্ৰী পীয়ুষ হাজৰিকা আজি নিগেটিভ হয় ক’ভিড পৰীক্ষাত ।

Leave A Reply

Your email address will not be published.