এখন এন৯৫ মাস্ক কিমান দিন ব্যৱহাৰ কৰিব পাৰে?
সমগ্ৰ দেশৰ লগতে অসমতো দ্ৰুত গতিত বাঢ়িছে কৰ’নাৰ সংক্ৰমণ ৷ ক’ৰনাৰ পৰা পাৰ্যমানে আতৰি থাকিবলৈ বিশেষজ্ঞ সকলে দিয়া পৰামৰ্শ সমূহৰ ভিতৰত অন্যতম পৰামৰ্শ হ’ল- মাস্ক পৰিধান কৰাৰ কথা । এই কালান্তক ভাইৰাছক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আটাইতকৈ বেছি যিবোৰ মাস্কৰ উপযোগীতা বেছি বুলি দাবী কৰা হয়, তাৰ ভিতৰত অন্যতম হ’ল এন৯৫ মাস্ক ৷ পিছে, এই মাস্কবিধৰ চাহিদা যিদৰে বেছি, সেইদৰে দামো বেছি ৷ সেয়ে সকলোৰে বাবে এই মাস্ক সঘনাই ক্ৰয় কৰাটো আৰ্থিকভাৱে সম্ভৱপৰ নহয় ৷
কৰ’নাৰ উপদ্ৰপ দীঘলীয়া হোৱাৰ লগে লগে মাস্কৰো খৰচ বাঢ়িছে ৷ স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে এন৯৫ মাস্ক কেইবাৰ ব্যৱহাৰ কৰিব পাৰি ? নে এবাৰ ব্যৱহাৰৰ পিছতেই পেলাই দিব লাগে আন মাস্কৰ দৰে ?
বিশেষজ্ঞ সকলৰ মতে কেৱল এবাৰ নহয়, সঠিকভাৱে ব্যৱহাৰ কৰিলে কেইবাদিনো ব্যৱহাৰ কৰিব পৰা যায় এন৯৫ মাস্ক।
সাধাৰণতে এন৯৫ মাস্কত লিখা থাকে মাত্ৰ এবাৰ ব্যৱহাৰযোগ্য ৷ ইয়াৰ মুখ্য কাৰণ হ’ল এই মাস্ক সততে চিকিৎসক সকলে ব্যৱহাৰ কৰে ৷ চিকিৎসক সকলে ক’ভিড তথা আন ৰোগীৰ চিকিৎসা কৰাৰ পিছত আন সুস্থ লোকৰ কাষলৈ যাবলগীয়া হৈয়েই ৷ সেয়ে তেঁওলোকে পৰিধান কৰা মাস্কবোৰ এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়াটো উচিত বিবেচনা কৰা হয় ৷ কিন্তু ব্যক্তিগত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এন৯৫ মাস্ক পিন্ধাৰোউদ্দেশ্য হ“ল নিজক ৰক্ষা কৰা ৷ সেয়েহপৰিৱেশ সলনি হ’লেও মাস্কখন সঘনাই সলনি কৰাৰ প্ৰয়োজন নাথাকে ৷
কিন্তু এই মাস্ক একাধিকবাৰ ব্যৱহাৰ কৰিবলৈ হ’লে কিছু নিয়ম মানি চলিব লাগে ৷ তাৰ ভিতৰত প্ৰধান ৪ টা নিয়ম-
১/ যি কোনো কাৰণতে মাস্কৰ সন্মুখৰ ভাগ হাতেৰে চুব নালাগে ৷ অৰ্থাৎ বাহিৰৰ ফালে নাক আৰু মুখ লাগি থকা অংশত মাস্ক খোলোতে বা পিন্ধোতে হাত লাগিব দিব নালাগে ৷ খোলা বা পিন্ধাৰ সময়ত সতৰ্কভাৱে ম্াস্কৰ ৰচী দুডাল নাইবা কাণৰ কাষত লাগি থকা অংশত আঙুলিৰে ধৰি খুলিব বা পিন্ধিব লাগে ৷
২/ মাস্কখন তিতিলে বা মলি লাগি লেতেৰা হ’লে সেইখন মাস্ক ব্যৱহাৰ নকৰিব ৷
৩/ যিমান বেছি দিন মাস্ক ব্যৱহাৰ কৰিব সিমানেই মাস্কখনত বেছি জীৱাণু নাইবা দূষিত পদাৰ্থ লাগি ধৰিব ৷
ফলত স্বাভাৱিকতেই উশাহ-নিশাহ লোৱাত কষ্ট হ’বহ৷ বিশেষজ্ঞ সকলৰ মতে যেতিয়াই আপুনি মাস্কখন পিন্ধোতে উশাহ লওতে কষ্ট বা অসুবিধা অনুভৱ কৰিব, তেতিয়াই গম পাব যে, মাস্কখন ব্যৱহাৰযোগ্য হৈ থকা নাই ৷
৪/ ক’ভিড আক্ৰান্ত লোকৰ আশে পাশে থাকিলে এবাৰতকৈ বেছি এই মাস্ক ব্যৱহাৰ নকৰাই উচিত ৷