Daily Time Axom

নাজিৰাৰ ধোদৰ আলিত বহিঃৰাজ্যৰ তীব্ৰবেগী বাহন দুৰ্ঘটনাগ্ৰস্ত

0 9

পথচ্যুত হৈ চকা খোল খাই সোমাল গৈ খাৱৈত, ভালে কেইজন লোক আহত ৷ শিৱসাগৰ জিলা অন্তৰ্গত নামতি-নাজিৰা সংযোগী ধোদৰ আলিত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বহিঃৰাজ্যৰ তীব্ৰবেগী বাহনখনৰ ভালে কেইজন লোক আহতহয় ৷ জানিব পৰা মতে, অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা নামতি হৈ নাজিৰা অভিমুখী বিলাসী এন এল ০৭ চিবি ৩২১৫ নম্বৰৰ তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বৰতলৰ খেতি পথাৰত সোমাই পৰে। নিয়ন্ত্ৰণ হেৰুৱা বাহনখন খেতি পথাৰতো চলন্ত অৱস্থাত থকাৰ পৰা এটা চকা খোল খোৱাৰ ফলত অৱশেষত কাষৰে এটা খাৱৈত সোমাইগৈ। যাৰ ফলত বাহনখনৰ ভিতৰত থকা এজন লোকৰ হাত ভঙাৰ বিপৰীতে আন কেইবাজনো লোক গুৰুত্বৰ ভাৱে আহত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে বহিঃৰাজ্যৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰে । আনহাতে চালকসহ গুৰুত্বৰ ভাৱে আহত লোক কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ফাৰহান লস্কৰৰ বাতৰি (শিৱসাগৰ)

Leave A Reply

Your email address will not be published.