Daily Time Axom

ভাগি পৰিল শিৱসাগৰৰ চেপন-চূণপোৰা পথৰ দিচাং নদীৰ পকী দলং

0 25

শিৱসাগৰ আৰু চৰাইদেউ জিলা মাজত ঘণ্টা ঘণ্টা ধৰি দেওবাৰে যাতায়ত ব্যৱস্থা বিচ্ছেদ । দুয়োখন জিলাৰ মধ্য স্থানৰ লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতি উদ্ভৱ হোৱা দেখা যায় । ভাগি পৰিল এখন ৫০ বছৰ অতিক্ৰম কৰা পকী দলং । ৭০ দশকতে নিৰ্মাণ হোৱা দলঙখনৰ অৱস্থা অলপো নাছিল সুচল । চেপন-চূণপোৰা পথৰ বকতা নঙলামৰা দিচাং নদীৰ ওপৰত থকা অতি ব্যস্ততাপূৰ্ণ পকী দলঙখন আজি এখন শিলভৰ্তি ডাম্পাৰ পাৰ হৈ যাওঁতে ভাগি পৰে । দলঙখনৰ এটা অংশ সম্পূৰ্ণৰূপে খহি পৰে নদীলৈ । অৱশ্যে, আৰোহী অথবা শিল কঢ়িয়াই নিয়া ডাম্পাৰখনৰ বিশেষ ক্ষতি নোহোৱাকৈ দলঙৰ পৰা পথৰ ওপৰলৈ ডাম্পাৰখন তুলি নিবলৈ সক্ষম হয় চালকে । ঘটনাৰ বুজ ল’বলৈ আহি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া, কৰ্মীসকল প্ৰতিবাদমুখী হৈ পৰে । দলংখনৰ এটা মুৰত ট্ৰায়াৰ জ্বলাই জাতীয় সংগঠনটোৱে ৰাজ্য চৰকাৰ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে উত্তেজিত হৈ দীৰ্ঘ সময় ধৰি পথতে প্ৰতিবাদ সাব্যস্ত কৰে । শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহাল ডাঙৰীয়া আৰু অ’এনজিচি (অসম সম্পদ) ৰ শীৰ্ষ বিষয়াসকল নাজিৰাস্থিত মুখ্য কাৰ্যালয়ৰ পৰা আহি ঘটনাস্থলীত উপস্থিত হয়হি । স্থানীয় দল-সংগঠন আৰু ৰাইজে দলঙখনৰ দুৰৱস্থা সম্পৰ্কে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক পূৰ্বৰে পৰা বাৰম্বাৰ অনুৰোধ কৰি অহাৰ পিছতো বিষয়টো আওকাণ কৰাৰ ফলতেই এই ঘটনা হ’বলৈ পালে বুলি স্থানীয় ৰাইজে দাবী তুলিছে । দলং পুনঃনিৰ্মাণ সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দাহাল আৰু অ’এনজিচি (অসম সম্পদ) ৰ শীৰ্ষ বিষয়াসকলে এতিয়ালৈকে কোনো তথ্য ৰাজহুৱা কৰা নাই । আনহাতে অঞ্চলটোৰ ৰাইজৰ জৰুৰীকালীন সেৱাৰ বাবে দিচাং নদীত শ্ৰীঘ্ৰেই ফেৰী সেৱা ব্যৱস্থা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ চেপন, চূণপোৰা, বকতা, নঙলামৰাবাসী ৰাইজে দাবী উত্থাপন কৰিছে ।

Leave A Reply

Your email address will not be published.