Daily Time Axom

গোলাঘাটত চোৰৰ সন্ত্ৰাস। আৰক্ষীৰ জালত চোৰৰ এটা বৃহৎ গেংগ।

0 15

গোলাঘাটত আৰক্ষীয়ে এটাৰ পিছত এটাকৈ চোৰ ধৰিছেহে ধৰিছে,কিন্তু চোৰ কৰিবলৈ এৰা নাই চোৰে। কাৰণ এতিয়া চুৰি কাৰ্য্যত জড়িত হৈ পৰিছে পথৰ দাঁতিত লোহা,প্লাষ্টিক সংগ্ৰহ কৰা একাংশ লোক।শেহতীয়াকৈ গোলাঘাটৰ তপন নগৰত সংঘটিত চুৰি কাৰ্য্যত জড়িত ৬ টাকৈ চোৰক গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। ১/অনিকেট কুমাৰ ২/প্ৰকাশ তাঁতী৩/উৎপল দাস ৪/চাহিদুল আলী ৫/ ৰাজা শইকীয়া ৬/ইনামুল হক নামৰ এই কেইটা চোৰে প্লাষ্টিক বটল সংগ্ৰহ কৰাৰ একাংশ যুবকৰ সহায়ত চোৰ কৰে। ইফালে গোলাঘাট আৰক্ষীয়ে চুৰি কৰা বিভিন্ন সামগ্ৰী সমূহ উদ্ধাৰ কৰি এই চুৰি সামগ্ৰী সমূহ ক্ৰয় কৰা তিনি গৰাকী লোক ক্ৰমে প্ৰদীপ ৰয়,আব্দুল মতিন আৰু মাফিয়া বেগমকো আটক কৰিছে। এতিয়াও এই গেংগটোৰ দুজন পলাতক আছে যদিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে গোলাঘাট আৰক্ষীয়ে যোৱা ১৫ টা দিনত ৩০ টাকৈ চোৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে যদিও আকৌ জেলৰ পৰা কম দিনৰ ভিতৰত ওলাই চোৰ সমুহে নামি পৰে চুৰি কাৰ্য্যত।

Leave A Reply

Your email address will not be published.