Daily Time Axom

“অহা এমাহৰ বাবে শিশু সকল ঘৰতে থাকক, বাহিৰলৈ যাব নালাগে” – GMCHৰ অধীক্ষকৰ আহ্বান

0 6

গুৱাহাটীত ৪০ শতাংশ মানুহে মাস্ক পিন্ধা নাই। একাংশই নাকৰ তলত মাস্ক পিন্ধিছে। সমাগম হোৱা স্হানত বেছিভাগ মানুহে সতৰ্কতা মানি চলা নাই। যাৰ ফলত গুৱাহাটী উত্তৰ-পূৱৰ প্ৰাণকেন্দ্ৰ হোৱাৰ বাবে কভিড সংক্ৰমণ গুৱাহাটীত বৃদ্ধি পাইছে ৷ মঙলবাৰে এই মন্তব্য গুৱাহাটী মেডিকেল কলেজৰ অধীক্ষক ডা° অভিজিৎ শৰ্মাৰ৷

স্বাভাৱিকতেই এতিয়া GMCHত ক’ভিডকালীন চাপ বৃদ্ধি পাইছে ৷ ২৩৫ জন কভিড আক্ৰান্ত লোকে সোমবাৰে GMCH ৰ পৰা হোম আইচলেশ্যন লৈছে ৷

ৰাজ্যত এতিয়া কভিডৰ পিক আহিছে । এইটো ৱেভৰ শীৰ্ষত দৈনিক ১০ হাজাৰ লোক ক’ভিড আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে জি এম চি এইছৰ অধীক্ষকজনে ৷

মঙলবাৰৰ পুৱাভাগলৈ ২৫০ জন ক’ভিড ৰোগী GMCH ত আৰু ২৫০ জন সৰুসজাইত আছে ৷
সম্প্ৰতি মুঠ ১২০০খন ক’ভিড বেড GMCH ত খালী ‍আছে ৷ সৰুসজাই হাস্পতাল, কালাপাহাৰ হাস্পতাল, MMCH এতিয়াও খালী আছে ৷

অন্য ৰোগত আক্ৰান্ত হৈ বা দূৰ্ঘটনাগ্ৰস্ত হৈ সংকটজনক অৱস্হাত চিকিৎসাধীন হোৱা লোকৰহে ক’ভিডত মৃত্যু বেছি হৈছে। এই সমূহ লোকৰ কিছু লোকৰ টেষ্ট কৰাত ক’ভিড ধৰা পৰিছে আৰু সেই হেতু কভিডত মৃত্যু হোৱা বুলি ধৰা হৈছে ৷

ক’ভিড আক্ৰান্ত ৯ জন শিশু GMCH ৰ শিশু ICU ত চিকিৎসাধীন হৈ আছে ৷

“জ্বৰ নহ’লেও যদি পেটৰ বিষ, দুৰ্বলতাৰ লক্ষণ যদি দেখা পাই তেনেহ’লে চিকিৎসালয়লৈ আহক। এতিয়া ক’ভিড হ’লে জ্বৰ নহ’বও পাৰে ৷ অহা এমাহৰ বাবে শিশু সকল ঘৰত থাকক, বাহিৰত যাব নালাগে ৷” বুলি জনসাধাৰণলৈ আহ্বান ডা° অভিজিৎ শৰ্মাৰ ৷

অধীক্ষকজনে লগতে জানিবলৈ দিয়ে যে, বিধায়ক
অখিল গগৈৰ স্বাস্থ্যৰ ‍অৱস্থা বৰ্তমান সুস্থিৰ । বৰ্তমান হোম আইচলেশ্যনতে আছে অখিল গগৈ ৷

Leave A Reply

Your email address will not be published.