অসম-মেঘালয়ৰ সীমান্ত বিবাদ ৬ টা অঞ্চলত নিষ্পত্তিৰ দিশত ! সৰ্বদলীয় বৈঠক আহ্বান মুখ্যমন্ত্ৰীৰ ৷
গুৱাহাটীৰ খানাপাৰাস্থিত কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত মঙলবাৰে ৰাজ্যৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে অসম-মেঘালয় সীমা বিবাদ সম্পৰ্কীয় এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ দুইখন ৰাজ্যৰ ছয়টাকৈ এলেকাৰ বিবাদ সম্পর্কীয় বিষয়ক লৈ এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
আলোচনাৰ মাধ্যমেৰে এক সৌহাৰ্দ্যপূৰ্ণ উপায়েৰে আন্তঃৰাজ্যিক সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে অসম চৰকাৰে চেষ্টা চলাই আহিছে ৷ ইতিমধ্যে অসম-মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে লোৱা পদক্ষেপৰ অগ্ৰগতিৰ বিষয়ে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলক কইনাধৰাৰ বৈঠকত অৱগত কৰে ৰাজ্য চৰকাৰে ।
অসম-মেঘালয় সীমান্তৰ ক্ষেত্ৰত ইতিমধ্যে চিনাক্ত কৰা ১২টা বিবাদিত এলেকাৰ বৰ্তমান ছটা অঞ্চল দুয়োখন ৰাজ্যৰ সহমতত চূড়ান্ত নিষ্পত্তিৰ বাবে ধার্য কৰা হৈছে। এই অঞ্চলবোৰৰ ভিতৰত আছে হাহিম, গিজাং, তাৰাবাৰী, বাখালাপাৰা, খানাপাৰা-পিলিংকাটা আৰু ৰাতাচেৰা।
বিষয়টোত সম্পূৰ্ণ আৰু চূড়ান্ত মীমাংসা আনিবলৈ দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে তিনিখন আঞ্চলিক সমিতি গঠন কৰা হৈছিল। আঞ্চলিক সমিতিসমূহৰ পৰামৰ্শ আৰু মুখ্যমন্ত্ৰী পৰ্যায়ৰ বহুকেইখন আলোচনা বৈঠকৰ ওপৰত ভিত্তি কৰি এক ৰূপৰেখা বিকশিত কৰা হৈছে।
এই বৈঠকত মন্ত্ৰী ডা: ৰণোজ পেগু, অশোক সিংহল তথা বিৰোধী দলৰ নেতা দেৱব্রত শইকীয়া, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু কংগ্ৰেছ, চি পি আই(এম), বিজেপি, অগপ, এ আই ইউ ডি এফ, বি পি এফ, ইউ পি পি এলকে ধৰি ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে।