Daily Time Axom

অভিনেত্ৰী চেতনা দাস আৰু স্বামী বিমল দাস আক্ৰান্ত কভিড ১৯ত

0 18

বিশিষ্ট অভিনেত্ৰী চেতনা দাস আৰু স্বামী বিমল দাস আক্ৰান্ত হ’ল কভিড ১৯ত। দুয়োকে গুৱাহাটী মহানগৰীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয়। ২৭ আগষ্টত বিমল দাসৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে ২৮ আগষ্টৰ দিনা চেতনা দাসৰ দেহতো ধৰা পৰে কভিডৰ অৱস্থিতি। পিছত প্ৰথম অৱস্থাত দুয়োৰে স্বাস্থ্য সুস্থিৰ হৈ আছিল যদিও বুধবাৰে চেতনা দাসৰ স্বামী বিমল দাস হঠাত্‍ অসুস্থ হৈ পৰে। বিমল দাসৰ দেহত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাৰ লগে লগে বিমল দাসক আই চি ইউত ভৰ্তি কৰা হয়।বৰ্তমানো তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আনহাতে অভিনেত্ৰী চেতনা দাসক আজি জি এন আৰ চি হস্পিতালৰ পৰা গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়। বৰ্তমান সময়ত চেতনা দাসৰ স্বাস্থ্য সম্পূৰ্ণ ৰূপে সুস্থিৰ বুলি জানিব পৰা গৈছে। গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই তেওঁৰ দেহত বৰ্তমান অক্সিজেনৰ পৰিমাণ ৯৬ শতাংশ আছে বুলি জানিবলৈ দিছে ।

Leave A Reply

Your email address will not be published.