Daily Time Axom

গৰুৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মানুহ নামিছে প্ৰতিবাদত ৷ ক’ত?

0 11

ভাৰতত লাহে লাহে গৰুক পূজাোকৰা মানুহৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে ৷
সমগ্ৰ ভাৰতত গৰুৰ সংখ্যাও বৃদ্ধি পাইছে । কান্তু ৰাজ্য এখনৰ একাংশ মানুহে গৰুৰ অত্যাচাৰত অতিষ্ঠ হৈ আৱাসীসকলে এনে ৮০০ টা গৰু ধৰি পৌৰ নিগমৰ চৌহদত এৰি থৈ আছিল। ঘটনাটো শেহতীয়াকৈ ভাৰতৰ মধ্য প্ৰদেশৰ ভিন্দ জিলাৰ এখন চহৰত সংঘটিত হৈছে।

চহৰখনৰ বাসিন্দাই কয় যে তেওঁলোকে এই জন্তুবোৰৰ “অত্যাচাৰ”ত অতিষ্ঠ হৈ পৰিছে! গৰুবোৰ বহু বস্তু ধ্বংস কৰিছে। কিন্তু পৌৰসভাই গৰুবোৰক নিয়ন্ত্ৰণত ৰাখিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ প্ৰতিবাদতে ৭০০-৮০০ গৰু ধৰি নি পৌৰ নিগমৰ চৌহদত এৰি দিছেগৈ।

মধ্য প্ৰদেশৰ আকোডা চহৰৰ স্থানীয় বাসিন্দা আৰু কৃষকসকলে অভিযোগ কৰিছে যে এৰি যোৱা জন্তুবোৰে তেওঁলোকৰ শস্যৰ ক্ষতি কৰিছে। বাৰে বাৰে ফোন কৰা স্বত্বেও, স্থানীয় প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আনকি গৰুজাকক গোশালাত ৰখাৰো ব্যৱস্থা কৰা হোৱা নাই।

এই সন্দৰ্ভত পৌৰ নিগমৰ মূৰব্বী ৰামবন সিঙে কয় যে আৱাসীসকলে প্ৰায় ৮০০ টা গৰু ধৰি পৌৰ নিগমৰ খেলপথাৰত এৰি গৈছে। তেতিয়াৰ পৰা তাতে আছে। ইতিমধ্যে এটা গোশালা নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি ৰামৱানে কয় যে পৌৰসভাই এতিয়াও ইয়াক হাতত লোৱা নাই। জিলা উপায়ুক্তজনে সমস্যাটো সমাধান কৰিবলৈ এখন বৈঠকো আহ্বান কৰিছে।

Leave A Reply

Your email address will not be published.