Daily Time Axom

কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ঢেঁকীৰ জড়িয়তে ভাৰতত প্ৰৱেশ বাংলাদেশী গো-মাফিয়াৰ৷

0 10
                                                                                                                                                                                                            দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তেদি ২০ জানুৱাৰী নিশা কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ঢেঁকীৰ সহযোগত ভাৰতত প্ৰৱেশ কৰে এজন বাংলাদেশী গো মাফিয়া ৷

ভাৰতত প্ৰৱেশ কৰি মানকাচৰৰ কুটিৰঘাট গাঁৱৰ শ্বাহ আলম নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ আছিল বাংলাদেশী গৰু ব্যৱসায়ীজনে ৷ জানিব পৰা মতে বাংলাদেশী গো-মাফিয়াজনে গৰু ব্যৱসায় সন্দৰ্ভত ভাৰতত প্ৰবেশ কৰিছিল ৷ গোপন সূত্ৰৰ ভিত্তিত কালাপানী আৰক্ষীয়ে অভিযান চলাই মানকাচৰৰ কুটিৰঘাট গাঁৱৰ শ্বাহ আলমৰ ঘৰৰ পৰা তেওঁক আটক কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ কালাপানী আৰক্ষীয়ে সদৰি কৰা মতে শ্বাহ আলমেও দীৰ্ঘ দিনৰ পৰা গৰুৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল৷ গ্ৰেপ্তাৰ হোৱা বাংলাদেশী লোকজনে গৰুৰ ব্যৱসায় সংক্ৰান্তত তেওঁ ভাৰতলৈ অহা বুলি আৰক্ষীক জানিবলৈ দিছে৷ বাংলাদেশী নাগৰিকজন কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানা এলেকাৰ বেহুলাৰ চৰ গাঁৱৰ প্ৰয়াত মুৰতাজ আলিৰ পুত্ৰ হবিবৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে৷

মনকৰিবলগীয়া য়ে, দীৰ্ঘ দিনৰ পৰা ভাৰতৰ পৰা বাংলাদেশী লৈ চোৰাং গৰু সৰবৰাহ হৈ আহিছে৷ দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে দিনে নিশাই টহল দি থকাৰ পিছতো নাকি লগাব পৰা নাই গো-মাফিয়া সকলোৰ বিৰুদ্ধে ৷ চৰকাৰেও এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ পিছতো একাংশ গো মাফিয়াই এতিয়াও ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ অব্যাহত ৰাখিছে । ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে নিজৰ কৰ্তব্যত সষ্টম হৈ থকাৰ পিছতো কেনেকৈ এজন বাংলাদেশী গো-মাফিয়াই কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ঢেঁকীৰ সহায়ত ভাৰতৰ সোমাবলৈ পালে এই লৈ সচেতন মহলৰ চকু কপালত উঠিছে৷ ভবিষ্যতে বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহকাৰী সকলোৰ বিৰুদ্ধে চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব পৰবৰ্তী সময়ত লক্ষণীয় বিষয়৷

Leave A Reply

Your email address will not be published.