Daily Time Axom

গোলাঘাট জিলাৰ ২নং পুখুৰীপাৰা গাঁৱৰ বাথৌ মন্দিৰত বাথৌ দিৱস, উপস্থিত থাকে সমাজকৰ্মী জীৱন চুতীয়া

0 7

আজি অসমৰ অন্যতম ভূমিপুত্ৰ বড়ো সকলৰ পৱিত্ৰ বাথৌ উৎসৱ ৷ সমগ্ৰ অসমতে পৱিত্ৰভাৱেৰে পালন কৰা হয় বাথৌ পূজা ৷ মঙলবাৰে গোলাঘাট জিলাৰ ২নং পুখুৰীপাৰা গাঁৱৰ বাথৌ মন্দিৰত অনুষ্ঠিত বাথৌ দিৱস উদযাপন কৰা হয় ৷ এই ধৰ্মীয় সভাত বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা জীৱন চুতীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলাৰ উপ-সভাপতি দিনেশ ভিলোৱাৰীয়া আৰু উৰিয়ামঘাট মণ্ডলৰ সভানেত্ৰী নিৰদা বৰা গগৈ , গাঁওবুঢ়া মেঘনাদ বড়ো, বিশিষ্ট সাহিত্যিক মহেশ্বৰ বসুমতাৰী, মধ্যমপূৰ পঞ্চায়তৰ সভাপতি অনিল ৰাভা, ধনশিৰি ট্ৰাইৱেল সংঘৰ সভাপতি ললিত দৈমাৰী, বিজেপি দলৰ জেষ্ঠ্য কাৰ্যকৰ্তা দয়ানন্দ দেউৰী আৰু বাথৌ দিৱস উদযাপন সমিতিৰ সভাপতি বিঞ্চু বসুমতাৰী , সম্পাদক বিৰেন বসুমতাৰী লগতে স্থানীয় বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বাথৌ দিৱসৰ লগত সংগতি ৰাখি গাওঁবাসীয়ে প্ৰাৰ্থনা নাম গাই এক ভক্তিময় পৰিবেশেৰে বাথৌ দেৱতালৈ সেৱা জনায়। বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়াৰ উপস্থিতিয়ে ভক্তপ্ৰাণ ৰাইজক উৎসাহিত কৰা বুলি একাংশ গাওঁবাসীয়ে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.