যোৰহাটত লোমহর্ষক হত্যাকাণ্ড
যোৰহাট জিলাত শনিবাৰে এক লোমহর্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ বাইলেন নম্বৰ ৪ ত সংঘটিত হয় এই হত্যাকাণ্ড ৷ জে,কে মেম’ৰিয়েল শইকীয়া হোমিঅ’পেথিক মহাবিদ্যালয়ৰ এজন চিকিৎসকক হত্যা কৰো অতিনাক্ত দুৰ্বত্তই৷
চিকিৎসকজন ওদালগুৰিৰ ডাঃ ৰাহুল বসুমতাৰী ৷
ইতিমধ্যে যোৰহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ কোনে, কিয় এই হত্যাকাণ্ড সংঘটিত কৰিলে, সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷ এই ঘটনাই সমগ্ৰ যোৰহাটতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷