দেৰগাঁৱত বিধায়ক ৰূপজ্যোতিৰ বিড়ম্বনা ৷ মুখ্যমন্ত্ৰীৰ সভাত সোমাবলৈ নাপায় প্ৰৱেশ দ্বাৰতে প্ৰতিবাদ ৷ ৷
কিছুদিন বিৰতিৰ পিছত আকৌ চৰ্চাৰ আৱৰ্তত বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ দেৰগাঁৱত অনুষ্ঠিত এখন সভাত শনিবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ আন বিধায়ক, সাংসদ দলীয় কৰ্মী সকলো সোমাল সভা থলীত ৷ হঠাৎ মূল প্ৰৱেশদ্বাৰত দেখা গ’ল প্ৰতিবাদত বহিছে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ পিছত গম পোৱা গ’ল যে, মুখ্যমন্ত্ৰীৰ সভাত প্ৰৱেশৰ অনুমতি নাপালে ৰূপজ্যোতি কুৰ্মীয়ে । সভাত প্ৰৱেশ কৰিবলৈ নাপাই প্ৰতিবাদ ৰূপজ্যোতি কুৰ্মীৰ ৷ মুখ্যমন্ত্ৰীৰ সুৰক্ষা বাহিনীয়ে সভাত সোমাব নিদিলে বিধায়ক কুৰ্মীক। উপায় নাপাই সভাস্থলীৰ মূল দ্বাৰতেই প্ৰতিবাদত বহিল বিধায়ক ৰূপজ্যোতি । অৱশেষত ৰূপজ্যোতিক বুজাবলৈ আহিল সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷
