Daily Time Axom

সীমান্তৰ উৰিয়ামঘাটত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত গুলীয়াগুলি ৷ এটা দুৰ্বৃত্ত নিহত, পিষ্টল উদ্ধাৰ ৷

0 6

বৃহস্পুপতিবাৰে পুৱতি নিশা ধনশিৰি মহকুমা আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অভিযানত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ জাহাজী গাঁৱত এটা দুৰ্বৃত্তৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি কাজিৰঙাত শেহতীয়াকৈ যি গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ লগত জড়িত থকা কেবাটাও সন্দেহজনক দুৰ্বৃত্ত ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ জাহাজী গাঁৱত আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে এক গোপন সূত্রে খবৰ লাভ কৰিছিল।আৰু সেই সূত্ৰৰ পম খেদি আজি পুৱতি নিশা ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দলৰ লগতে সীমান্তত নিয়োজিত চি আৰ পি এফ বাহিনীৰ এটা দলে যুটীয়া ভাৱে অঞ্চলটোত অভিযান চলাবলৈ লয়।ইফালে অঞ্চলটোত আৰক্ষী আৰু চি আৰ পি এফে অভিযান চলোৱাৰ কথা জানিব পাৰি অঞ্চলটোত আত্মগোপন কৰি থকা দুৰ্বৃত্তৰ দলটোৱে আশ্ৰয় লৈ থকা স্থানৰ পৰাই অভিযানকাৰী আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ লোকলৈ বুলি লক্ষ্য কৰি  গুলিবর্ষণ কৰিবলৈ লয়।আৰু ইয়াৰ প্ৰত্যুত্তৰত সমান্তৰালকৈ আৰক্ষী আৰু চি আৰ পি এফেও দুৰ্বৃত্তৰ দলটোলৈ বুলি গুলীচালনা কৰাত এটা দুৰ্বৃত্তৰ গাত গুলি লগাত আহত হৈ ঘটনা স্থলীতে ঢলি পৰে।

বাকী কেইটা দুৰ্বৃত্ত সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয়।ইফালে আৰক্ষীৰ গুলীত গুৰুত্বৰ ভাৱে আহত হোৱা দুৰ্বৃত্তটোক সৰুপথাৰৰ ৩০ খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়তে দুৰ্বৃত্তটোৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে দুৰ্বৃত্তটোৰ কবলৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে ঘটনাৰ লগত জড়িত পলাতক দুৰ্বৃত্ত কেইটাক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ অঞ্চলজুৰি তীব্ৰ অভিযান অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.