Daily Time Axom

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত সন্মান লাভ কৰি উজ্বলি উঠিছে টীয়কৰ প্ৰতিভাৱান ছাত্ৰী লিজা বৰুৱা

0 15

ডিজিটেল ডেস্কঃ সত্ৰীয় নৃত্যৰ জৰিয়তে যোৰহাট জিলাৰ টীয়কলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে উজ্বলি উঠিবলৈ সক্ষম হৈছে টীয়কৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰী লিজা বৰুৱা ৷ টীয়কৰ লাহিং মাজকুৰি অঞ্চলৰ দেৱেশ্বৰ বৰুৱা আৰু গীতাশ্ৰী বৰুৱাৰ সুকন্যা লিজাই সত্ৰীয়া নৃত্যৰ ওপৰিও সৰুৰে পৰা আধুনিক নৃত্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিও প্ৰায় দুই শতাধিক বঁটা লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ টীয়ক জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী লিজাই ইতিমধ্যে বিগত বৰ্ষত উৰিষ্যাত আয়োজিত “গ্লৱেল থিয়েটাৰ উৎসৱ-২০১৯” ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত বিজয়ী খিতাপ লাভ কৰি “নৃত্য ময়ূৰী” সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল ৷ তপন বৰা আৰু পৰমানন্দ শইকীয়াৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে যোৰহাটৰ বিভিন্ন নৃত্য কৰ্মশালাত অংশ লোৱা লিজাই শেহতীয়াকৈ যোৱা মাহত “সংস্কৃতি সংগম” নামৰ গুৱাহাটীস্থিত এটি সাংস্কৃতিক অনুষ্ঠানে অনলাইন যোগে আয়োজন কৰা দ্বিতীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় আৰু ষষ্ঠ পৰ্যায়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সত্ৰীয়া নৃত্য শাখাত প্ৰথম স্হান অধিকাৰ কৰাৰ লগতে “নৃত্যশ্ৰী সন্মান” লাভ কৰিবলৈ সক্ষম হৈছে৷
লিজাৰ এই সফলতাত পিতৃ-মাতৃ,আত্মীয়ৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে আৰু লিজাক শুভেচ্ছা জ্ঞাপন কৰিছে ৷

Leave A Reply

Your email address will not be published.