Daily Time Axom

মানালী আৰু লেহ্ক সংযোগ কৰি ভাৰতে বনালে পৃথিৱীৰ দীৰ্ঘতম সুৰংগ।

0 28

ডিজিটেল ডেস্ক : দেশবাসীৰ বাবে এটা ভাল খৱৰ যে বহু প্ৰত্যাশিত লেহ্ আৰু মানালী সংযোগী অটল সুৰংগৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ১০বছৰ আগতেই দেশৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণত নিৰ্মাণ কৰি উলিওৱা অটল সুৰংগৰ নিৰ্মাণৰ ম্যাদ ৬বছৰ আছিল যদিও ১০বছৰত দেশৰ সুৰক্ষাৰ ক্ষেত্ৰতো অতিশয় গুৰুত্বপূৰ্ণ সুৰংগতো নিৰ্মাণ কৰি উলিওৱা হয়। উল্লেখযোগ্য যে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই সুৰংগৰ প্ৰতি ৬০ মিটাৰৰ অন্তৰত সংযোজিত কৰা হৈছে চিচিটিভি কেমেৰা। আপাত কালীন কোনো সমস্যা হলে সুৰংগটোত প্ৰতি ৫০০ মিটাৰ ব্যৱধানত আছে ইমাৰজেঞ্চি একজিটৰ আৰু লগতে সুৰংগটোত জুই লাগিলে অগ্নি নিৰ্বাপনৰো সুব্যৱস্থা আছে । অটল সুৰংগতো নিৰ্মাণ কৰা সংস্থাতোৱে জনোৱা মতে তেওঁ লোকে সুৰংগতো নিৰ্মাণৰ সময়ত সা সৰঞ্জাম পৰিবহনৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল যাৰ বাবে হেলিকপ্টাৰ ও ব্যৱহাৰ কৰিব লগা হৈছিল। সদ্যনিৰ্মিত এই অটল সুৰংগৰ ব্যসাৰ্দ্ধ হল ১০.৫ মিটাৰ আৰু ইয়াত সংলগ্ন আছে ১মিটাৰৰ ফুটপাথ। দেশৰ সুৰক্ষাৰ দৃষ্টিত অতি গুৰুত্বপূৰ্ণ এই অটল সুৰংগৰ নিৰ্মাণে সেনাবাহিনীক বিশেষভাৱে সহায় কৰিব কাৰণ ই মানালী আৰু লেহৰ মাজৰ দূৰত্ব ৪৬ কি:মি হ্ৰাস কৰিলে।।

Leave A Reply

Your email address will not be published.