Daily Time Axom

প্ৰশান্ত মহাসাগৰৰ মাজত খহি পৰিব মহাকাশ কেন্দ্ৰ

0 22

মহাসাগৰৰ মাজত ভাগি সৰি পৰিব মহাকাশ কেন্দ্ৰ ৷ মহাকাশ বিজ্ঞানী সকলে আগতীয়া মত প্ৰকাশ কৰিছে যে, কেই বছৰ মানৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰটি মহাকাশৰ পৰা খহি পৰিব ৷ ২০৩০ চন পৰ্যন্ত মহাকাশ কেন্দ্ৰটোৰ কাম-কাজ সুকলমে চলি থাকিব ৷ তাৰ পৰৱৰ্তী বৰ্ষত যি কোনো মুহূৰ্তত প্ৰশান্ত মহাসাগৰৰ বুকুত মহাকাশ কেন্দ্ৰটি ভাগি সৰি পৰিব ৷

নাছাৰ তথ্যমতে, প্ৰশান্ত মহাসাগৰৰ মাজত ‘পয়েন্ট নিমো’ নামেৰে নামকৰণ কৰা এটুকুৰা ঠাই আছে । পুৰণি মহাকাশ যানৰ আৱৰ্জনাথলী ৰূপে বিখ্যাত এই ঠাই ৷ ইয়াত বহুতো পুৰণি মহাকাশ যান আৰু মহাকাশজাত আৱৰ্জনা ভৰি আছে ৷ ২০৩১ চনৰ আৰম্ভণীৰ ভাগতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰটি ইয়াতেই খহি পৰিব ৷

এই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰটো আমেৰিকা, ৰাচিয়া, জাপান, কানাডাআৰু ইউৰোপীয় সংঘ- এই ৫ টা মহাকাশ প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত হৈ আহিছে ৷ ১৯৯৮ চনত মহাকাশত পৃথিৱিৰ কক্ষপথত এই মহাকাশ কেন্ম্ৰটো স্থাপন কৰা হৈছিল । ২০২৪ চনলৈ কেন্দ্ৰটোৰ কাৰ্য পৰিচালনাোকৰাৰ কথ আছিল যদিও এতিয়া ২০৩০ চনলৈ কেন্দ্ৰটো চলাই নিয়াৰ বাবে আটায়ে সন্মত হৈছে ৷

Leave A Reply

Your email address will not be published.