Daily Time Axom

‘মহামাৰী এতিয়াও শেষ হোৱা নাই, ক’ভিড বাধা-নিষেধ পাহৰিলে আগৰ দৰে একে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে’, বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী

0 9

ক’ভিড মহামাৰী এতিয়াও শেষ হোৱা নাই। কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰ আৰু থাকিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে অহা কেইমাহমানৰ ভিতৰত কৰ’নাৰ এক নতুন ৰূপ বা প্ৰকাৰ ওলাব। আৰু ই মাৰাত্মক শক্তিকো অতিক্ৰম কৰিব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানী সৌম্য স্বামীনাথনে শুকুৰবাৰে কয়, “আমি কৰ’না ভাইৰাছ বিকশিত আৰু পৰিৱৰ্তন হোৱা দেখিছো। গতিকে আমি জানো যে এই ভাইৰাছৰ অধিক প্ৰকাৰ থাকিব। গতিকে এতিয়াও মহামাৰী শেষ হোৱা নাই। ডাঃ সৌম্য স্বামীনাথনৰ আৰু কয়, “মহামাৰী নাইকিয়া হোৱাৰ উৰা বাতৰি শুনি সতৰ্ক হ’ বলৈএৰি নিদিব।” কৰ’নাৰ নতুন প্ৰকাৰটো যিকোনো সময়তে জন্ম হ’ব পাৰে। ফলত আমি আগৰ পৰিস্থিতিলৈ ঘূৰি যাব লাগিবও পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানীজনে কয় যে, “আমি সতৰ্ক কৰি দিছিলো যেতিয়া সমগ্ৰ বিশ্বত মুঠ কৰ’না সংক্ৰমণৰ সংখ্যা ১০০ অতিক্ৰম কৰা নাছিল। যদি দেশৰ নেতাসকলে তেতিয়া আমাৰ কথা শুনিলহেতেন , তেন্তে এনে নহ’লহেঁতেন। কিন্তু তেতিয়া কোনেও আমাৰ কথা নুশুনিলে। “

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, মহামাৰী বৰ্তমান পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ কোনো সম্ভাৱনা নাই। ইয়াৰ পৰিৱৰ্তে, কোভিড-১৯-ৰ অধিক নতুন প্ৰকাৰ উদ্ভৱ হ’বলৈ ওলাইছে। যিটো ওমিক্ৰনতকৈও বেছি বিপদজনক। ২০২০ চনত, বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ডেল্টা ভেৰিয়েণ্টক “বিপদজনক” বুলি বৰ্ণনা কৰা হৈছিল। কাৰণ ই আলফা প্ৰজাতিতকৈ ৫০ শতাংশ অধিক সংক্ৰামক। তাৰ পিছত যোৱা বছৰ, ওমিক্ৰন আগবাঢ়ি ছিল। যি দ্ৰুত হাৰত বিয়পে। এইবাৰ, বিশেষজ্ঞসকলে অধিক বিপদজনক প্ৰজাতিৰ উদ্ভৱ হোৱাৰ ইংগিত দিছে।

Leave A Reply

Your email address will not be published.