Daily Time Axom

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ দামামা বাজিছে ৷ ভাৰতীয় নাগৰিকক ইউক্ৰেইন এৰিবলৈ পৰামৰ্শ

0 10

ইউক্ৰেইনৰ সীমান্তত ৰাছিয়াৰ বৃহৎ সৈন্য মোতায়েনৰে সৃষ্টি হৈছে আসন্ন যুদ্ধৰ পৰিৱেশ ৷ এই পৰিপ্ৰেক্ষিতত গভীৰ উত্তেজনাৰ মাজতে ভাৰতে ইয়াৰ নাগৰিকসকলক অস্থায়ীভাৱে দেশ এৰি যোৱাৰ কথা বিবেচনা কৰাৰ লগতে তাত সকলো অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে।

মঙলবাৰে (১৫ ফেব্ৰুৱাৰী) ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভত ভাৰতীয় দূতাবাসে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে তাত থকা ভাৰতীয় নাগৰিকসকল, বিশেষকৈ তাত থকাৰ বাবে অত্যাৱশ্যকীয় নোহোৱা শিক্ষাৰ্থীসকলে ইউক্ৰেইনৰ বৰ্তমানৰ বিপদজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখন অস্থায়ীভাৱে এৰি যোৱাৰ কথা বিবেচনা কৰিব পাৰে।

ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনলৈ যোৱা পৰিহাৰ কৰিবলৈ আৰু দেশৰ ভিতৰত সকলো ধৰণৰ অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে ।

প্ৰয়োজন হ’লে দূতাবাসৰ পৰা ভাৰতীয় নাগৰিকসকলৰ সৈতে যোগাযোগ ৰক্ষণাবেক্ষণৰ সুবিধাৰ বাবে ইউক্ৰেইনত ভাৰতীয় নাগৰিকৰ অৱস্থানৰ বিষয়ে দূতাবাসক অৱগত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। দূতাবাসে ইউক্ৰেইনত ভাৰতীয় নাগৰিকসকলক সকলো ধৰণৰ সেৱা প্ৰদান কৰিবলৈ স্বাভাৱিকভাৱে কাম কৰি আছে।

প্ৰায় ১৮,০০০ শিক্ষাৰ্থীসহ প্ৰায় ২০,০০০ ভাৰতীয় নাগৰিক ইউক্ৰেইনত বাস কৰি আছে। কিছুমান শিক্ষাৰ্থীয়ে ভাৰতীয় টিভি নিউজ চেনেলসমূহৰ সৈতে শেহতীয়া বাৰ্তালাপৰ সময়ত ইউক্ৰেইনত বিৰাজ কৰা অনিশ্চয়তাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.