Daily Time Axom

আজি উত্তৰপ্ৰদেশত তৃতীয় পৰ্যায়ৰ ভোটদান ৷ ৫৯ টা সমষ্টিত অখিলেশ যাদৱসহ ৬২৭ জন প্ৰাৰ্থীৰ হ’ব ভাগ্য নিৰ্ণয় ৷

0 9

উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনৰ আজি তৃতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছে ৷ আজি, দেওবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় ভোটদান পৰ্ব ৷ সন্ধিয়া ৬ বজালৈ চলিব এই ভোটদান ৷ এই তৃতীয় পৰ্যায়ৰ ভোটদান পৰ্বত মুঠ ৫৯ টা বিধানসভা সমষ্টিত ২.১৫ কোটি লোকে ভোটদান কৰিব ৷ ইয়াৰে ১,১৬,১২০১০ জন পুৰুষ আৰু ৯৯,৬২,৩২৪ গৰাকী মহিলা ভোটাৰ ৷ ৫৯ টা সমষ্টিত ৬২৭ জন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ৷ এই ৬২৭ জন প্ৰাৰ্থীৰ ভিতৰত ৫৩১ জন পুৰুষ আৰু ৯৬ গৰাকী মহিলা প্ৰাৰ্থী আছে ৷

উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচন ২০২২ৰ এই তৃতীয় পৰ্যায়ত মুঠ ১৬ খন জিলাত ৫৯ টা সমষ্টিক সামৰি ভোটদান চলি আছে ৷

তৃতীয় পৰ্যায়ত অখিলেশ যাদৱেই পাইছে প্ৰাধান্য ৷


দেওবাৰৰ ভোটদান পৰ্বত থকা হাই প্ৰফাইল প্ৰাৰ্থীৰ ক্ষেত্ৰত অখিলেশ যাদৱেই মুখ্য প্ৰাৰ্থী ৷ মেনপুৰী জিলাৰ কৰহল আসনৰ পৰা প্ৰতিদন্দ্বিতা কৰিছে অখিলেশ যাদৱে ৷ অখিলেশৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ’ল কেন্দ্ৰীয় মন্ত্ৰী এছ পি সিং বাঘেল। দেওবাৰৰ ভোটত কাণপুৰৰ কিডৱাই নগৰ সমষ্টিত কংগ্ৰেছ জ্যেষ্ঠ নেতা অজয় কাপুৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ ফৰুখাবাদ আসনৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰ্চিদৰ পত্নী লুইচ খুৰ্চিদে কংগ্ৰেছ প্ৰাৰ্থী ৰূপে প্ৰতিদন্দিতা আগবঢ়াইছে ৷ আনহাতে বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰা বিধায়ক ৰামবীৰ উপাধ্যায়ৰ হাথৰসৰ সাদাবাদ সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব আজি ৷

Leave A Reply

Your email address will not be published.