Daily Time Axom

বিয়াৰ ২০ দিনৰ পিছতহে স্বামীয়ে গম পালে পত্নী এগৰাকী দুধৰ্ষ ডকাইত

0 21

বিয়াখন পাতিছিল বহুত আশাৰে ৷ আৰম্ভণি কেইদিনত সকলো ঠিকেই আছিল ৷ কিন্তু ২০ দিনৰ পিছতহে স্বামীৰ ওচৰত ধৰা পৰিল পত্নীৰ আচল চৰিত্ৰ ৷ মৰমৰ পত্নীৰ স্বৰূপ জানি মূৰত আকাশ ভাঙি পৰিল স্বামীৰ পত্নী আছিল প্ৰকৃততে এজনী ডকাইত ৷ এটা ডকাইত দলৰ পুৰণি সদস্য আছিল নৱবিবাহিতা পত্নী ৷

চাঞ্চ্যকৰ এই ঘটনা ঘটিছে ৰাজস্থানৰ বাৰমেৰ জিলাৰ ভিমদা অঞ্চলত । এতিয়া ডকাইতনী নৱবিবাহিতা আৰু তেঁওৰ ডকাইতৰ দলৰ সদস্য সকলক বিচাৰি আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ৷

ৰাজস্থানৰ ভিমদা অঞ্চলৰ বাসিন্দা মেহৰাম জাঁট ৷ মেহৰামে ২০ দিন পূৰ্বে সপোন লৈ বিয়া পাতিছিল প্ৰতিবেশী গুজৰাটৰ আহমেদাবাদৰ মমতা নামৰ এগৰাকী যুৱতীক ৷ মধুচন্দ্ৰিকাৰ পৰা মিতিৰ-কুটুম ফুৰালৈকে সকলো ঠিকেই চলি আছিল ২০ দিনলৈকে ৷ বিয়াৰ বিশ দিনৰ পিছত হঠাৎ স্বামীৰ ঘৰৰ পৰা নাইকীয়া হ’ল ন-কইনা ৷ কেৱল নোহোৱা হোৱাই নহয় ৷ স্বামীৰ ঘৰৰ পৰা ৩ লাখ নগদ টকাৰ লগতে সোণ-ৰূপৰ বহু লাখ টকাৰ সকলো গহনা লৈ যেন বতাহত মিলি গ’ল ন-কইনা ৷ ঘটনাৰ কেইবাদিনৰ পিছতহে মেহৰামে জানিব পাৰিলে যে, তেঁওৰ পত্নী এগৰাকী দুধৰ্ষ ডকাইতনী ৷ এটা ডাঙৰ ডকাইতৰ দলৰ সদস্যা ৷ টকা-পইচাৰ লগতে সোণ আদি লুটি নিয়াৰ উদ্দেশ্যেৰেই তাই বিয়াত সোমাইছিল । মেহৰামৰ সৈতে কইনা সাজি বিয়াত বহি সকলো লুটি নিলে তাই ৷

আৰক্ষীৰ তদন্তত ধৰা পৰে যে মমতাই কইনা সাজি মুঠ ৯ বাৰ বিয়াত বহি দৰাৰ ঘৰত লুট-পাত চলাইছিল । এইখন আছিল দশম বিয়া। ডকাইতনীজনীৰ এজনী কন্যা সন্তানো আছে ৷ আৰক্ষীয়ে এতিয়াও কোনো শুং সূত্ৰ উলিয়াব পৰা নাই ডকাইতনী মমতাৰ ৷

Leave A Reply

Your email address will not be published.