শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটা গোৰ্খা ছাত্ৰ সন্থাৰ নেতা আদিত্য ছেত্ৰীলৈ শ্ৰদ্ধাঞ্জলি ।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতিৰ অন্তৰ্গত বৰহাপজান শাখা সমিতিৰ সভাপতি আদিত্য ছেত্ৰীয়ে বিগত ৯ ফেব্ৰুৱাৰী তাৰিখে মাকুম বাইপাছত এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক আকোৱালি লৈছিল । বহু প্ৰতিসম্পন্ন কমবয়সীয়া ছাত্ৰ নেতাগৰাকীৰ বাসগৃহত দেওবাৰে এক শোকাকুল পৰিৱেশত “আদ্য শ্ৰাদ্ধ” সম্পন্ন কৰা হয় । বৰহাপজান শাখা সমিতিৰ সভাপতি যুৱনেতা আদিত্য ছেত্ৰীৰ কৰুণ বিয়োগত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিজন বিষয়ববীয়া মৰ্মাহত হোৱাৰ লগতে এগৰাকী যুৱ সতীৰ্থক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে ।
মাকুম বৰহাপজানস্থিত বাসগৃহত আদিত্য ছেত্ৰীৰ “আদ্যশ্ৰাদ্ধ”ত গোৰ্খা উন্নয়ণ পৰিষদ, গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয়, জিলা তথা বিভিন্ন আঞ্চলিক সমিতিৰ বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকি প্ৰয়াত আদিত্য ছেত্ৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে আদিত্য ছেত্ৰীৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে । প্ৰয়াত আদিত্য ছেত্ৰীৰ পৱিত্ৰ আদ্যশ্ৰাদ্ধ উপলক্ষে মাকুম আঞ্চলিক সমিতিৰ সম্পাদনাত এখনি “স্মৰণিকা”ও প্ৰকাশ কৰি উলিওৱা হয় ।
(মাৰ্ঘেৰিটা পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট)