Daily Time Axom

প্ৰেমৰ প্ৰলোভনেৰে শাৰিৰীক সম্পৰ্ক স্থাপনৰ অভিযোগ যুৱতীৰ

0 5

তেজপুৰত প্ৰবঞ্চক যুৱক আটক আৰক্ষীৰ ৷

শোণিতপুৰ জিলাৰ তেজপুৰৰ দাঁতি কাষৰীয়া বাঁহবাৰীৰ এজন যুৱকে প্ৰেমৰ প্ৰলোভন দি যুৱতীৰ লগত শাৰিৰীক সম্পৰ্কৰে গৰ্ভাৱতী কৰাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ২০১৬ চনৰ পৰা তেজপুৰ বাঁহবাৰীৰ ৰাজোৱাৰ গাঁৱৰ প্ৰদীপ ৰাজোৱাৰৰ লগত তেজপুৰ বিমল বস্তিৰ তাৰা চান্দ ৰাজোৱাৰ কন্যাৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । প্ৰদীপ ৰাজোৱাৰে যুৱতী গৰাকীক বিবাহৰ প্ৰলোভন দি বহুবাৰ শাৰীৰিক সম্পৰ্ক কৰিছিল । যাৰ পৰিণতিত যুৱতী গৰাকী সম্প্ৰতি তিনি মহীয়া অন্তঃসত্তা । যুৱতী গৰাকীৰ পৰিয়ালে এই কথা গম পাই প্ৰদীপ ৰাজোৱাৰৰ লগত যোগাযোগ কৰি জানিব পাৰে যে তেঁও( প্ৰদীপ ৰাজোৱাৰে) যোৱা ১৫ ফেব্ৰুৱাৰীত বাহবাৰী অঞ্চলৰ তামোল বাৰীৰৰ এগৰাকী যুৱতীক পলুৱাই আনি বিবাহপাশত আবদ্ধ হৈছে । এই ঘটনাক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে তেজপুৰ বেবেজিয়া আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩৩১/২২ নম্বৰ গোচৰ ৰুজু কৰি প্ৰদীপ ৰাজোৱাৰক আটক কৰে ৷ আৰক্ষীয়ে প্ৰৱঞ্চক প্ৰদীপ ৰাজোৱাৰক জেৰা চলাই আছে যদিও প্ৰদীপ ৰাাজোৱাৰে ঘটনাটো অস্বীকাৰ কৰিছে ।

Leave A Reply

Your email address will not be published.