উত্তৰ গুৱাহাটীত লক্ষ্মী নাৰায়ণ যজ্ঞৰ আয়োজন
যাগ যজ্ঞ ধৰ্মীয় শোভাযাত্ৰাৰে গদ গদ হ’ল তীৰ্থপীঠ উত্তৰ গুৱাহাটীত কলহ যাত্ৰাৰে উত্তৰ গুৱাহাটী পৰম শিৱম মন্দিৰৰ মহা শিৱৰাত্ৰীৰ শুভাৰম্ভ হ’ল । শিবৰাত্ৰীৰ প্ৰাৰম্ভিক অংশ হিচাপে লক্ষ্মী নাৰায়ণ মহাযজ্ঞৰ মহা আয়োজন । ৰূদ্ৰেশ্বৰৰ কেশৱ মহাৰাজ জীৰ উদ্যোগত লক্ষ্মী নাৰায়ণ মহাযজ্ঞ আয়োজিত হৈছে । যজ্ঞৰ বাবে পানী তুলিবলৈ যোৱা দূশ্য মনোৰম । সজাই তোলা দুই হাতী, লগত সহস্ৰাধিক মহিলা, কুমাৰীয়ে কলহ যাত্ৰাৰে ৰজাদুৱাৰ পাৰঘাটত উপস্থিত হ’ল । নৈৰ পাৰত কাশী বৃন্দাবনৰ পৰা অহা ১২ পুৰুহিতৰ লগতে ৰাজ্যৰ দহ পুৰুহিতে বৈদিক কৰিলে পুজা পাতাল । কলহৰ পানীৰে যজ্ঞৰ বেদী পবিত্ৰ কৰি আৰম্ভ কৰিলে যজ্ঞৰ । লক্ষ্মী নাৰায়ণ মহাযজ্ঞৰ প্ৰস্তুতি বিশাল । ন টা কুণ্ডত ৩৬ জন যজমানে দিব একলাখ আহুতি । কুইণ্টলে কুইণ্টলে যজ্ঞৰ উপকৰণ । ঘী ,তিল ,যবধান, মাসানি বেল আদিৰে যজ্ঞত আহুতি দি দেশবাসীৰ মঙ্গল কামনা কৰিছে ।
লক্ষ্মী নাৰায়ণ মহাযজ্ঞৰ লগতে ভাওনা মহোৎয়সবৰ আয়োজন । এই যজ্ঞৰ জৰিয়তে আধ্যাত্মিকতাত বিলিন কৰিব প্ৰতিজন লোকৰ অন্তৰাত্মা । প্ৰতিস্থা হ’ব বিশ্ব শান্তি । বৈদিক ক্ৰিয়া কাণ্ডৰে উভতি চাব খোজে ভাৰতবৰ্ষৰ স্বৰ্ণিল ঐতিহ্য ।
চাংসাৰিৰ পৰা পঙ্কজ নাথৰ ৰিপৰ্ট ।