বিহপুৰীয়াত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ চেক বিতৰণ, চেক লাভ কৰি অসন্তুষ্ট একাংশ মহিলা
অসম চৰকাৰৰ নেতৃত্বত ৰাজ্যৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণী মহিলা সকলক ঋণ মাফ তথা চেক বিতৰণ কৰে আজি বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই ৷ বিহপুৰীয়াৰ সন্তপুৰ ৰংগমঞ্চত বিহপুৰীয়া উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি বিধায়ক ড° অমিয় ভুঞাই জনদৰদী মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাই ঘোষণা কৰা মতেই মহিলা সকলক এনেদৰে সকাহ দিয়াৰ লগতে মহিলা উপকৃত হৈছে বুলি মন্তব্য কৰে ৷
সিমানলৈকে ঠিকেই আছিল কিন্তু তাৰ পিছতেই লাগিল অথন্তৰ ৷
মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত অধিকাংশ মহিলাই অসন্তুষ্ট হৈ পৰা দেখা যায় ৷
কিয়নো ২৫ হাজাৰ টকা চেক লাভ কৰিব বুলি গাড়ী ভাড়া ভৰি আহি চেক লাভ কৰিলে মাএ ৫৫০ টকাৰহে ৷