Daily Time Axom

তিনিদিনীয়া অসম ভ্ৰমণসূচীলৈ গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

0 9

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি ২৫ ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া অসম ভ্ৰমণসূচীলৈ ইতিমধ্যে গুৱাহাটীৰ বৰঝাৰ স্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক ৰাজ্যপাল জগদীশ মুখী আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিমান বন্দৰৰ পৰা আদৰি অনা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাচিত বৰফুকনৰ ৪০০ তম বাৰ্ষিকী উপলক্ষে বছৰজোৰা উদযাপন কাৰ্যসূচীৰ শুভ উদ্বোধন কৰাৰ লগতে
কামৰূপ জিলাৰ দাদাৰাত নিৰ্মাণ হ’বলগীয়া আলাবোই যুদ্ধ স্মাৰকৰ আধাৰশিলাও স্থাপন কৰিব।

তদুপৰি , তেওঁ যোৰহাটত লাচিত বৰফুকন মৈয়দামৰ আধাৰশিলাস্থাপন কৰিব যাক নতুন নক্সাৰে পুনৰ নিৰ্মাণ কৰা হ’ব।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২৬ ফেব্ৰুৱাৰীত তেজপুৰ ভ্ৰমণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
তেওঁ একেদিনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব।

Leave A Reply

Your email address will not be published.